ETV Bharat / city

কলিয়াবৰত বিজেপিৰ জনসম্পৰ্ক ৰক্ষা অভিযান

author img

By

Published : Jun 16, 2020, 6:38 PM IST

বিজেপি চৰকাৰৰ কামৰ খতিয়ান লৈ ঘৰে ঘৰে কলিয়াবৰত জন সম্পৰ্কৰক্ষা অভিযান দলীয় সতীৰ্থ সকলৰ ৷ ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ কামৰ খতিয়ান পত্ৰ বিতৰণ কৰে ৰাইজক বিজেপিৰ সদস্য সকলে ৷

Jana Samparkarakshi_Abhiyan_of_BJP_at_Kaliabor
কলিয়াবৰত বিজেপিৰ জনসম্পৰ্ক ৰক্ষা অভিযান

কলিয়াবৰ, 16 জুনঃ নগাঁৱৰ কলিয়াবৰত ভাৰতীয় জনতা দলৰ জনসম্পৰ্ক ৰক্ষা অভিযান আৰম্ভ কৰে ৷ এই জন-সম্পৰক্ষী অভিযানত ভাগ ল'লে ভাৰতীয় যুৱ মৰ্চাৰ ৰাজ‍্যিক সভাপতি অনুপ বৰ্মনে ৷

অসম চৰকাৰৰ চতুৰ্থ কাৰ্যকাল আৰু ভাৰত চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে কলিয়াবৰত ভাৰতীয়া জনতা দলৰ সতীৰ্থ সকলে ঘৰে ঘৰে গৈ জনসম্পৰ্ক ৰক্ষা অভিযান আৰম্ভ কৰে। উক্ত অভিযানত ভাৰতীয় যুৱ মৰ্চাৰ ৰাজ‍্যিক সভাপতি অনুপ বৰ্মনো উপস্থিত থাকে । সভাপতি অনুপ বৰ্মনে ভাৰতীয় জনতা দলৰ চৰকাৰে বিগত কাৰ্যকালত উন্নয়ণ আৰু বিকাশৰ কাৰণে যিবোৰ কাৰ্যপন্থা ৰূপায়ণ কৰিলে সেইবোৰ খতিয়ান ৰাইজক অৱগত কৰা ৷ আনহাতে ৰাজ্যত ১২২ বিধানসভা সমষ্টিত বিজেপি দলৰ মন্ত্ৰী-বিধায়ক,জ‍্যেষ্ঠ দলীয় বিষয়ববীয়াই এই জন-সম্পৰ্কৰক্ষী অভিযানত অংশ গ্ৰহণ কৰে ৷ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনগণৰ বাবে ৰূপায়ণ কৰা আঁচনি সমুহ গাঁৱে-গাঁৱে কেন্দ্ৰীয় আৰু ৰাজ‍্য চৰকাৰৰ উপলব্ধিসমূহ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যেই এই কাৰ্যসূচী লোৱা বুলি সদৰি কৰে ৷ লগতে দেশৰ দৰিদ্ৰ লোকসকলে বৃদ্ধ পেঞ্চনকে ধৰি সকলো সা-সুবিধা লাভ কৰিছে বুলি যুৱ মৰ্চাৰ ৰাজ‍্যিক সভাপতি অনুপ বৰ্মনে সদৰি কৰে ৷

লগতে পঢ়ক- তেজপুৰত কম খৰছত পানী সংশোধন কৰা যন্ত্ৰ উদ্ভাৱন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.