ETV Bharat / city

বটদ্ৰৱাত চৰকাৰী ভূমিত অবৈধ খনন

author img

By

Published : Apr 21, 2019, 10:19 PM IST

বটদ্ৰৱাত চৰকাৰী ভূমিত অবৈধ খননকাৰ্য । সংকটত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয় ৷ ৰহস্যজনকভাৱে নিৰৱ দৰ্শকৰ ভূমিকা পালন কৰিছে আৰক্ষী প্ৰশাসনে ।

ILLEGAL LAND MINING

বটদ্ৰৱা, 21 এপ্ৰিল: নগাঁও জিলাৰ বটদ্ৰৱা ৰাইদঙীয়াৰ খলিহামাৰিস্থিত চৰকাৰী ভূমিত আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি এক দুষ্ট চক্ৰই চলাইছে অবৈধ খননকাৰ্য ৷ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ সৃষ্টিৰাজিক বিশ্বৰ দৰবাৰত জিলিকাই তোলাৰ প্ৰয়াসেৰে নিৰ্মাণ কাৰ্য্য চলি থকা শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ নিচেই কাষতেই দুষ্টচক্ৰটোৱে বিগত 15/20 দিন ধৰি খনন কাৰ্য চলাই আহিছে ৷ কোনোধৰণৰ অনুমতি অবিহনে নম্বৰ প্লেটবিহীন জেছিবি আৰু অত্যাধুনিক যন্ত্ৰৰ ব্যৱহাৰেৰে খনন কাৰ্য চলাই সৃষ্টি কৰিছে এক বৃহৎ পুখুৰীৰ ৷

বটদ্ৰৱাত চৰকাৰী ভূমিত অবৈধ খনন

এই কাৰ্যত এতিয়া জাঙুৰ খাই উঠিছে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগতে বিভিন্ন দল সংগঠন । অভিযোগ অনুসৰি চৰকাৰী ভূমিত এনেদৰে খনন চলোৱাত মহান অনুষ্ঠানতো এতিয়া সংকটৰ দিশে গতি কৰাৰ লগতে আৰক্ষী প্ৰশাসনে বৃহৎ ধনৰ বিনিময়ত দুষ্ট চক্ৰটোক খননৰ অনুমতি প্ৰদান কৰিছে ৷ স্থানীয় দল সংগঠনে এই কাৰ্যত বাধা প্ৰদান কৰাত এজন গাড়ী চালকে জানিবলৈ দিয়ে যে, কোনো এটা চৰকাৰী বিভাগৰ অভিযন্তাই উক্ত খনন কাৰ্য চলাবলৈ অনুমতি প্ৰদান কৰিছে ৷

Intro:বটদ্ৰৱাত চৰকাৰী ভূমিত অবৈধ খনন । সংকটত মহাপুৰুষ শীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয় ৷ ৰহস্যজনক নিৰৱ ভুমিকাত আৰক্ষী প্রশাসন । Body:নগাঁও জিলাৰ বটদ্ৰৱাৰ ৰাইদঙীয়াৰ খলিহামাৰিস্হিত চৰকাৰী ভূমিত চলিছে অবৈধ বেদখলকাৰীৰ দপদপনি । বেদখলকাৰীয়ে দিনে-নিশাই চলাইছে ভূমি খনন । আৰক্ষী প্ৰশাসনৰ নিলিৰ্প্ততাৰ সুযোগ গ্ৰহনকৰি এটা দুষ্ট চক্রই মুকলিকৈ চলাইছে এই চৰকাৰী ভূমিত খনন কাৰ্য ।কোনোধৰণৰ অনুমতি অবিহনেই নম্বৰৰ প্লেট বিহীন জেছিবিকে ধৰি বিভিন্ন ধৰনৰ অত্যাধুনিক যন্ত্ৰ ব্যৱহাৰ কৰি চৰকাৰী ভূমিত দুষ্টচক্ৰটোৱে চলাইগৈছে খনন কাৰ্য্য । বিগত ১৫/২০ দিন ধৰি দিনে ৰাতিয়ে এই দুষ্ট চক্রটোৱে মুকলিকৈ চৰকাৰী ভূমিত খনন কাৰ্য চলাই থকাত সৃষ্টি হৈছে বৃহৎ পুখুৰীৰ । মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰাজিক বিশ্বৰ দৰবাৰত জিলিকাই তুলাৰ মহান উদ্দেশ্যৰে নিৰ্মাণ কাৰ্য্য চলি থকা শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ব বিদ্যালয়ৰ নিচেই কাষতেই দুষ্টচক্ৰটোৱে এই দৰে মাটি খান্দি থকা কাৰ্যত জাঙুৰখাই উঠিছে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগতে বিভিন্ন দল সংঘঠন । বটদ্ৰৱা থান পৰিচালনা সমিতিৰ অভিযোগ অবৈধ বেদখলকাৰীয়ে চৰকাৰী ভূমিত এইদৰে খনন চলোৱাত মহান অনুষ্ঠানতো এতিয়া সংকটৰ দিশে গতি কৰিছে । সেইহে চৰকাৰে লওক উচিত ব্যৱস্থা । ইফালে স্থানীয় দল সংগঠনৰ অভিযোগ আৰক্ষী প্ৰশাসনে বৃহৎ ধনৰ বিনিময়ত এই দুষ্ট চক্রটোক দিছে ভূমি খননৰ অনুমতি । সেইহে মুকলিকৈ দিনে নিশাই ভূমাফিয়াই চলাইছে ভূমি খনন । স্থানীয় দল সংগঠনে অবৈধ ভূমি খনন চলাই থকা অৱস্থাত বধা প্ৰদান কৰাত ভূমি খনন চলাই থকা এজন গাড়ী চালকে কয় যে কোনো এটা চৰকাৰী বিভাগৰ অভিযন্তাই উক্ত খনন কাৰ্য্য চলাবলৈ প্ৰদান কৰিছে অনুমতি । এতিয়া প্ৰশ্ন হয় চৰকাৰী ভূমিত অবৈধ ভাবে ৰাজত্ব কৰা কোন এইজন অভিযন্তা ? এই অভিযন্তাৰ সৈতে আছে নেকি আৰক্ষীৰ গোপন মিতিৰালি? যাক লৈ সৃষ্টি হৈছে তীব্র চাঞ্চল্যৰ ।_________________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.