কলিয়াবৰ, 28 জুলাই : নগাঁও জিলাৰ পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ । আশ্চৰ্যকৰ কথা যে, একেটা স্থানতে একেটা কামকে দুটাকৈ চৰকাৰী বিভাগে ৰূপায়ন কৰা কথাই বৰ্তমান সময়ত ব্যাপক চৰ্চা লাভ কৰিছে । প্ৰাপ্ত তথ্য মতে, ২০১৮-১৯ বৰ্ষত এম জি এনৰেগাৰ অধীনত পশ্চিম কলিয়াবৰ আঞ্চলিক পঞ্চায়তে চুলুং মাছ বজাৰত ৰূপায়ন কৰা কনষ্ট্ৰাকচন এণ্ড লেণ্ড ডেভেলপমেন্ট নামৰ ৫৬ লাখ ৫৬ হাজাৰ টকাৰ আঁচনিখনত সংঘটিত হৈছিল এই দুৰ্নীতি(Huge Scam In Village Panchayat of Nagaon) ।

আঁচনিখনৰ তথ্য ফলকত থকা তথ্যমতে, ১৫ লাখ ৭৬ হাজাৰ টকা মজুৰি আৰু ৪০ লাখ ৮০ হাজাৰ টকা সামগ্ৰীকে ধৰি সৰ্বমুঠ ৫৬ লাখ ৫৬ হাজাৰ টকা ধাৰ্য কৰা হৈছিল এই আঁচনিখনত ৷ আনহাতে, চুলুং মাছ বজাৰৰ একেটা কামৰ কিছু অংশ লোক নিৰ্মাণ বিভাগে বিশ্ব বেংকৰ জৰিয়তে এপাৰ্ট আঁচনিৰ জৰিয়তে ৰূপায়ন কৰিছিল । লোক নিৰ্মাণ বিভাগে ৰূপায়ন কৰা আঁচনিখনৰ নামত ব্যয় কৰা হ'ল ৫১ লাখ ৬৯ হাজাৰ ২৪০ টকা ।
পেকেজ নং এপাৰ্ট/এন অ‘ চি পি/মাৰ্কেট/এন জি এন-০১ এই কামটো মেৰ্চাচ এ কে ট্ৰেডাৰ্চ ঠিকাদাৰ হিচাপে আছিল । উল্লেখ্য যে, একেটা কামকে দুটা বিভাগে সম্পূৰ্ণ কৰিবলৈ ব্যয় কৰিলে প্ৰায় এক কোটি টকা । কেৱল নামমাত্ৰ কেইটামান টকা ব্যয় কৰি বাকী সিংহভাগ ধন পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ বিষয়া তথা অভিযন্তা-কৰ্মচাৰীয়ে ৰহস্যজনকভাৱে হস্তগত কৰাৰ অভিযোগ উঠিছে ।

কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই এই দুৰ্নীতিৰ লগত জড়িতসকলক তদন্তৰ আওতালৈ আনি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনাই বৃহস্পতিবাৰে কলিয়াবৰৰ মহকুমাধিপতিক স্মাৰক পত্ৰ প্ৰদান কৰে ।
লগতে পঢ়ক : Worker missing in Arunachal Pradesh: সংখ্যালঘু শ্ৰমিকসকলক চৰকাৰে মাহীআইৰ দৃষ্টিৰে চাইছে: আমছু