গোলাঘাট, 29 অক্টোবৰ : গোলাঘাটত বিপদজনক ভাৱে বৃদ্ধি পাইছে ধনশিৰী নৈৰ জলপৃষ্ঠ । ধনশিৰি নৈৰ বাঢ়নী পানীয়ে ভাঙি নিলে মিঠাআম চাপৰিৰ নেপালিখুটি মথাউৰি । যোগাযোগ বিচ্ছিন্ন সমগ্ৰ নেপালিখুটি অঞ্চলৰ । জলাবদ্ধ শতাধিক পৰিয়াল । আতংকিত বহু কেইখন গাঁৱৰ শ শ পৰিয়াল । মথাউৰি চিঙি নিয়াৰ ফলত কেন্দুগুৰি, যাঠিপতিয়া , মিঠাআম চাপৰি আদি অঞ্চলৰ শ শ বিঘা পকা ধাননি পথাৰ পানীৰ তলত বুৰ গৈছে । বহু কেইটা পৰিয়ালৰ ঘৰ ধনশিৰী নৈৰ বুকুত বিলীন হোৱাৰ উপক্ৰম । ইফালে এই বিপদৰ সময়ত ধনশিৰি নদীৰ বানপিড়িত এলেকাত উপস্থিত হৈছে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া । বোকাপানীৰ মাজেৰে নাওৰে গৈ বৰবালি টুপ নামৰ বানবিধস্ত এলেকাত উপস্থিত হৈছে বিধায়ক গৰাকী । বছৰটোত চাৰিটাকৈ বানে ধুই যোৱাৰ পাছত সৰ্বস্বান্ত হোৱা বানাক্ৰান্তক পৰ্যাপ্ত খাদ্য সামগ্ৰীকে ধৰি সকলো সুবিধা প্ৰদান কৰিছে বিধায়ক মৃণাল শইকীয়াই ।
গুৰুত্বপূৰ্ণ যে, এই অঞ্চলত ভয়াৱহ বান পৰিস্থিতি সৃষ্টি হোৱাৰ প্ৰধান কাৰণ হৈছে নিপকো জলবিদ্যুৎ প্ৰকল্পই এৰি দিয়া পানী ৷ ইফালে নিপকোৰ জাননীৰ পিছতে অধিক আতংকিত হৈ পৰিছে নৈ পৰীয়া স্থানীয় লোক সকল । কাৰণ নিপকোৱে আৰু অধিক পানী এৰিলে ভয়াবহ জলপ্ৰলয়ৰ সৃষ্টি হ'ব সমগ্ৰ মৰঙী মৌজাত । আনহাতে গোলাঘাটৰ লুৰুকিহাটৰ দুখুটিমুখত ধনশিৰী বাঢ়নী পানীয়ে ইতিমধ্যে ছিঙি নিলে দুখুটিমুখৰ পৰা ৩৯ নং সংযোগী পথটো । বহিঃবিশ্বৰে যোগাযোগ বিছিন্ন সম্পূৰ্ণ অঞ্চলটোৰ । বৰ্তমান নিৰাপদ স্থানলৈ ঢাপলি মেলিছে অঞ্চলটোৰ ৰাইজ ।
ইফালে কপিলী নদীৰ বানত বঢ়মপুৰৰ কামপুৰত থানবান হ'ল বহু পৰিয়াল । বৰ্তমানেও বহু পৰিয়াল আশ্ৰয় শিবিৰত । কাতি মাহৰ আৱতৰীয়া বানে টছনছ কৰিলে বহু কেইটা মথাউৰিৰ লগতে বাসগৃহ । কামপুৰ বাৰেগোগাত একাংশৰ ঘৰত বৰ্তমানেও এককাল-এবুকু পৰ্যন্ত পানী । স্কুল, ঘাই পথৰ দাঁতিত আশ্ৰয় লৈ আছে এতিয়াও বহু পৰিয়ালে । কিন্তু ইমানৰ পিছতো খবৰ ল'বলৈ আহৰি নাই স্থানীয় জন প্ৰতিনিধিৰ । বৰ্তমান এইসকল লোকৰ ক্ষোভ জনপ্ৰতিনিধিৰ ওপৰত ।
উল্লেখ্য যে, বিগত কেইটামান দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাৰেগোগা, বকুলগুৰি, ভলভলীয়া গাঁৱৰ মথাউৰিৰ ওপৰেদি পানী বাগৰাৰ ফলত বিস্তৃৰ্ন অঞ্চল প্লাৱিত হৈ পৰিছিল । যাৰ ফলত অঞ্চল সমূহৰ বহু পৰিয়াল বৰ্তমানেও ৰাজপথৰ দাঁতিত আৰু স্কুলত আশ্ৰয় লৈ থাকিবলগীয়া হৈছে ।