ETV Bharat / city

ইগৰাকীৰ পিছত সিগৰাকীক বিয়া পাতি আৰক্ষীৰ জালত আব্দুল

author img

By

Published : Jun 3, 2022, 4:07 PM IST

এজনী, দুজনীয়েই নহয় কেবাগৰাকীও বিয়া পাতি এতিয়া আৰক্ষীৰ জালত প্ৰৱঞ্চক আব্দুল (Fraud husband arrested in Nogaon ) ৷ আব্দুলৰ নামো বহুত, প্ৰতিগৰাকী পত্নী অনুসৰি সলনি কৰে নাম ৷ আব্দুল চালাম, ৰিয়াজুল, সঞ্জীৱ আৰু বহুতো নাম আছে বুলি অভিযোগ কৰে পত্নীয়ে ৷

fraud-husband-arrested-in-nogaon
বহুৰূপী প্ৰৱঞ্চক, এজনী দুজনী নহয় কেবাগৰাকীও বিয়া পাতি আৰক্ষীৰ জালত আব্দুল

নগাঁও, 3 জুন : এজন বহুৰূপী পুৰুষ ৷ এজনী, দুজনীয়েই নহয় কেবাগৰাকীও বিয়া পাতি এতিয়া আৰক্ষীৰ জালত প্ৰৱঞ্চক আব্দুল ৷ নগাঁও জিলাৰ প্ৰৱঞ্চক আব্দুলে প্ৰৱঞ্চনাৰে কেবাগৰাকীও যুৱতীৰ লগত বিবাহপাশত আৱদ্ধ হোৱাৰ কথা পোহৰলৈ আহিছে (Fraud husband arrested in Nogaon ) ৷ কেৱল বিয়া পতাই নহয় নিজ পত্নীক অন্য পুৰুষৰ লগত সহবাস কৰিবলৈ জোৰ জবৰদস্তি কৰে আব্দুলে ৷ পত্নীয়ে আব্দুলৰ কথা নাকচ কৰিলেই পত্নীক মানসিকভাৱে অত্যাচাৰ কৰাৰ কথা প্ৰকাশ কৰে পত্নীয়ে ৷

ইগৰাকীৰ পিছত সিগৰাকীক বিয়া পাতি আৰক্ষীৰ জালত আব্দুল

ইফালে প্ৰৱঞ্চক আব্দুলৰ নামো বহুত, প্ৰতিগৰাকী পত্নী অনুসৰি সলনি কৰে নাম ৷ আব্দুল চালাম, ৰিয়াজুল, সঞ্জীৱ আৰু বহুতো নাম আছে বুলি অভিযোগ কৰে পত্নীয়ে ৷ প্ৰতিগৰাকী পত্নীকে আব্দুলৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ কোনো লোক নাই বুলি মনেসজা কাহিনী শুনাই প্ৰেমৰ জালত পেলাই বিবাহপাশত আৱদ্ধ হয় আব্দুল ৷ সন্তান হোৱাৰ পিছতেই পত্নীক এৰি অজ্ঞাত স্থানলৈ আব্দুল গুচি যায় আব্দুল ৷

ইফালে আব্দুলৰ প্ৰথম পত্নীয়ে সংবাদমাধ্যমৰ আগত জনায় যে স্বামীৰ বিবাহৰ কোনো কথাই গম নাপাই ৷ আব্দুলৰ প্ৰতাৰণাৰ বলি হোৱা নগাঁৱৰ ৰাঙলুৰ এগৰাকী পত্নীয়ে প্ৰৱঞ্চক স্বামীক নগাঁও সদৰ আৰক্ষী থানাত গতাই দিয়াৰ লগতে দাখিল কৰে এজাহাৰ । পত্নীগৰাকীয়ে কোৱা অনুসৰি আব্দুলে তিনিবছৰে ভুৱা ঠিকনা দি আহিছিল পত্নীক ৷ তেওঁলোকৰ এগৰাকী কন্যা সন্তান হোৱাৰ পিছতেই আব্দুলে পত্নীক দেহ ব্যৱসায়ত লিপ্ত হ'বলৈ জোৰ দিছিল কিন্তু পত্নীয়ে এই কামৰ বাবে মান্তি নোহোৱাত ঘৰলৈ অহা বন্ধ কৰি দিছিল আব্দুলে ৷ উপায়ন্তৰ হৈ পত্নীয়ে স্বামীৰ ঠিকনাত বিচাৰি যোৱাত সঁচা কথা পোহৰলৈ আহে ৷

সম্প্ৰতি নগাঁও সদৰ থানাত সোধ পোছ কৰা হৈছে আব্দুলক ৷ আব্দুলক কঠোৰ শাস্তি দিবলৈ আহ্বান জনাইছে পত্নীৰ ঘৰৰ লোকে ৷

লগতে পঢ়ক : আৰক্ষীৰ ওপৰত নাই ভৰষা, মহিলাই দিয়ে পহৰা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.