ETV Bharat / city

4 ব’হাগৰ দিনটো "গছ বিহু" হিচাপে পালন কৰক: যাদৱ পায়েং - প্ৰকৃতিপ্ৰেমী যাদৱ পায়েং

পুৰণিগুদামৰ এখন বিহুতলীত উপস্থিত অৰণ্য মানৱ যাদৱ পায়েং ৷ গছৰোপণ কৰা কাৰ্যক লৈ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ, বৰষাৰাণীয়ে প্ৰকাশ কৰা কথা দোহাৰিলে অৰণ্য মানৱ পায়েঙে ।

4 বহাগৰ দিনটো "গছ বিহু" হিচাবে পালন কৰক : যাদৱ পায়েং

author img

By

Published : Apr 19, 2021, 8:07 PM IST

চামগুৰি,19 এপ্ৰিল: নগাঁও জিলাৰ পুৰণিগুদামৰ এখন বিহুতলীত উপস্থিত হয় অৰণ্য মানৱ যাদৱ পায়েং ৷ বিহুতলীত প্ৰকৃতিপ্ৰেমী যাদৱ পায়েঙে ৪ ব’হাগৰ দিনটো "গছ বিহু" হিচাপে পালন কৰিবলৈ উপস্থিত ৰাইজক পৰামৰ্শ প্ৰদান কৰে ৷ 4 ব’হাগৰ দিনটো "গছ বিহু" উদযাপন কৰি অসমীয়াৰ যাউতিযুগীয়া পৰম্পৰাক ৰক্ষা কৰিবৰ বাবে আহ্বান জনাই পায়েঙে ৷

গছৰ তলত বিহু পাতিলে নাচিবলৈ জনা গছজোপায়েও হাঁহিব পাৰিব বুলি সৰৱ মন্তব্য কৰে যাদৱ পায়েঙে ৷ গছ বিহুৰ প্ৰসংগত পায়েঙে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ, অভিনেত্ৰী বৰষাৰাণী বিষয়াক পূৰ্বে প্ৰদান কৰা পৰামৰ্শৰ বিষয়ে উল্লেখ কৰি স্মৃতি ৰোমন্থন কৰে ৷

পুৰণিগুদামৰ বিহুতলীত উপস্থিত অৰণ্য মানৱ যাদৱ পায়েং

পুৰণিগুদামৰ পাৰঘাটত নাট্যম গোষ্ঠীৰ উদ্যোগত বিগত এপষেক জোৰা বিহু নৃত্য আৰু ঢোল বাদনৰ কৰ্মশালাৰ অন্তত অনুষ্ঠিত কৰা মুকলি বিহুত উপস্থিত হোৱা অৰণ্য মানৱ যাদৱ পায়েঙক ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে উদ্যোক্তা মণ্ডলীয়ে । তদুপৰি প্ৰকৃতি তথা প্ৰাকৃতিক ভাৰসাম্যৰ সন্দৰ্ভত পায়েঙে বিহুতলীখনত প্ৰদান কৰা ভাষণে সমৱেত প্ৰায় সহস্ৰাধিক উপস্থিত ৰাইজক মন্ত্ৰমুগ্ধ কৰি তোলে ৷

লগতে পঢ়ক : ক'ভিড-১৯ : অনশন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৃষকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.