ETV Bharat / city

কলিয়াবৰত অগ্নিনিৰ্বাপন আৰু ৰাজ‍্যিক আপাতকালীন সেৱা বিভাগৰ চাফাই অভিযান

শিলঘাটৰ দেৱী বিসৰ্জনস্থলীত চাফাই কাৰ্য ৷ প্ৰদূষণৰ বিৰুদ্ধে সজাগতা অগ্নিনিৰ্বাপক বাহিনীৰ ৷

চাফাই কাৰ্যত ব্যস্ত কৰ্মচাৰীসকল
author img

By

Published : Oct 10, 2019, 9:58 AM IST

নগাঁও,10 অক্টোবৰ: কলিয়াবৰৰ শিলঘাট বিসৰ্জনস্থলীত মঙলবাৰে দেৱী বিসৰ্জনৰ সময়ত পেলোৱা আৱৰ্জনা পৰিস্কাৰ কৰিলে কলিয়াবৰ অগ্নিনিৰ্বাপক বাহিনী আৰু আপাতকালীন সেৱা বিভাগে । প্লাষ্টিক-পলিথিন জাতীয় সামগ্ৰী জমা হৈ ব্ৰহ্মপুত্ৰৰ পানী যাতে প্ৰদূষিত নহয় তাৰবাবেই এই সজাগতাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে । অন্যান্য আৱৰ্জনাসমূহ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা আঁতৰাই সঠিক স্থানত পেলোৱাৰ ব্যৱস্থাও কৰিছে চাফাই অভিযানত ভাগ লোৱা অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীসকলে ।

কলিয়াবৰত অগ্নিনিৰ্বাপন আৰু ৰাজ‍্যিক আপাতকালীন সেৱা বিভাগৰ তৎপৰতা

উল্লেখ্য যে, বিজয়া দশমীত দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ সময়ত ব্ৰহ্মপুত্ৰৰ পাৰত হোৱা জনসমাগমৰ ফলত বহু ঠাই অপৰিস্কাৰ হৈ পৰিছিল । সেইস্থান পৰিস্কাৰ কৰাৰ বাবেই এইবাৰ এনে উৎসাহী পদক্ষেপ হাতত লয় কলিয়াবৰৰ অগ্নিনিৰ্বাপক বাহিনী আৰু আপাতকালীন সেৱা বিভাগে ।

Intro:শিলঘাটৰ দেৱী বিসৰ্জন স্থলী পৰিস্কৰণ

অগ্নি নিৰ্বাপন আৰু ৰাজ‍্যিক আপাতকালীন সেৱা বিভাগ পৰিস্কৰণ অভিযানBody:মহা সমাৰোহেৰে বিজয়া দশমীত দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ সময়ত ব্ৰহ্মপুত্ৰৰ পাৰত হোৱা জনসমাগমৰ ফলত অপৰিস্কাৰ হৈ পৰিছিল। সেই স্থান পৰিস্কৰণৰ বাবে এইবাৰ হাতত ঝাৰু ল'লে অগ্নিনিৰ্বাপক বাহিনী আৰু আপাত কালীন সেৱা বিভাগে।কলিয়াবৰৰ শিলঘাট বিসৰ্জন স্থলীত মঙ্গলবাৰে বিসৰ্জনৰ সময়ত পেলোৱা আৱৰ্জনা পৰিস্কাৰ কৰিছে কলিয়াবৰ অগ্নিনিৰ্বাপক বাহিনী আৰু আপাত কালীন সেৱা বিভাগে। প্লাষ্টিক-পলিথিন জাতীয় সামগ্ৰী পৰি ব্ৰহ্মপুত্ৰৰ পানী যাতে প্ৰদূষিত নহয় তাৰ বাবে গোটেই জ্বলাই দিছে তেওঁলোকে। অন্যান্য আৱৰ্জনা সমূহ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা আঁতৰাই সঠিক স্থানত পেলোৱাৰ ব্যৱস্থাও কৰিছে চাফাই অভিযান বিভাগীয় কৰ্মী সকলে।Conclusion:visuals
bite
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.