ETV Bharat / city

জীৱনৰ আম্ভণিতেই জটিল ৰোগৰ সৈতে যুঁজিছে এটি দেৱ শিশুৱে - শিশুটিৰ শৰীৰৰ তিনিটাকৈ স্থানত টিউমাৰ

দুৰাৰোগ্য ৰোগত আক্ৰান্ত এটি দেৱশিশু ৷ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসাৰ পৰাও বঞ্চিত হোৱাৰ অভিযোগ শিশুটিৰ পৰিয়ালৰ লোকৰ ৷ শিশুটিৰ সু-চিকিৎসাৰ বাবে এতিয়া স্বাস্থ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ পৰিয়ালৰ ৷

নগাঁও
দুৰাৰোগ্য ৰোগত আক্ৰান্ত এটি দেৱশিশু
author img

By

Published : Dec 21, 2020, 10:14 PM IST

নগাঁও, 21 ডিচেম্বৰ : নগাঁৱৰ লাওখোৱা ৰোডৰ গান্ধীনগৰৰ এটি দেৱশিশু জন্মৰ পৰাই আক্ৰান্ত জটিল ৰোগত ৷ গান্ধীনগৰৰ টিংকু সিং আৰু পৰমিন্দ ক'ৰৰ পাঁচমহীয়া কন্যা শিশুটিৰ শৰীৰৰ তিনিটাকৈ স্থানত আছে টিউমাৰ ৷ চিকিৎসাৰ বাবে তিনিমাহ পূৰ্বেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ পাচতে অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিছিল চিকিৎসকে ৷

কিন্তু কেৱল পৰামৰ্শ দিয়েই দায়িত্ব সামৰিলে স্বাস্থ্য বিভাগৰ চিকিৎসকে ৷ বিগত তিনিমাহে চিকিৎসালয়ত ঘূৰিও সু-চিকিৎসা নোপোৱাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে । চিকিৎসাৰ নামত আৰ্থিকভাৱেও জুৰুলা হৈ পৰিছে পৰিয়ালটো ।

ৰোগাক্ৰান্ত শিশুয়ে উপযুক্ত চিকিৎসা লাভ নকৰাৰ অভিযোগ পৰিয়ালৰ

দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া টিংকু ক'ৰৰ পৰিয়ালত এতিয়া বিৰাজ কৰিছে একপ্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ ৷ উপায়ন্তৰ পৰিয়ালটোৱে এতিয়া শিশুটিৰ চিকিৎসাৰ বাবে কাতৰ অনুৰোধ জনাইছে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ৷ লগতে হৃদয়বান লোকৰ সহায় বিচাৰিছে পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰী সোণোৱালে প্ৰদান কৰিলে পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ বঁটা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.