ETV Bharat / city

চামগুৰিৰ মাজৰআটিত বন্যহস্তীৰ মুক্ত বিচৰণ

author img

By

Published : Nov 14, 2021, 12:34 PM IST

চামগুৰিৰ মাজৰআটিত প্ৰায়ে 6/7 জনীয়া বনৰীয়া হাতীৰ এটা জাকে পুৱা আৰু বিয়লি মুকলি বিচৰণ কৰে । ফলত এইবেলি শ্ৰীকৃষ্ণ ৰাস উৎসৱকলৈ শংকিত হৈ পৰিছে চামগুৰিৰ মাজৰআটিৰ ৰাইজ ৷

free-wild-elephant-walking-in-chamguri
চামগুৰিৰ মাজৰআটিত বন্যহস্তীৰ মুক্ত বিচৰণ

নগাঁও, 14 নৱেম্বৰ : উচাহ-উদ্দীপনাৰ মাজেৰে পৰম্পৰাগত শ্ৰীকৃষ্ণৰ ৰাস উৎসৱ পালন কৰিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে অসমৰ ৰাইজ ৷ কিন্তু এইবেলি শ্ৰীকৃষ্ণ ৰাস উৎসৱক লৈ শংকিত হৈ পৰিছে চামগুৰিৰ মাজৰআটিৰ ৰাইজ ৷ কিয়নো বেলি পৰিলেই বন্যহস্তীৰ মুক্ত বিচৰণ দৃশ্য নিতৌ সুলভ হৈ পৰিছে চামগুৰিৰ এই অঞ্চলত ।

উল্লেখ্য যে, প্ৰায়ে 6/7 জনীয়া বনৰীয়া হাতীৰ এটা জাকে পুৱা আৰু বিয়লি গেন্ধালিৰ মাজৰআটিত মুকলি বিচৰণ কৰে । যি দৃশ্য প্ৰত্যক্ষ কৰিবৰ বাবে সেই স্থানত ভিৰ কৰেহি উৎকণ্ঠিত ৰাইজ । জানিব পৰা মতে বনৰীয়া হাতীৰ জাকটোৱে বিয়লি ভাগতে গেন্ধালিৰ এখন বিশেষ হাবিৰ পৰা ওলাই মাজৰআটিৰ মাজেৰে ধাৱমান হয় হাঁহচৰা বৰালিগাঁৱৰ ধাননি পথাৰ অভিমুখে আৰু পুৱা সেই একে বাটেৰে ওভতি আহে ।

অৱশ্যে দিন দুপৰতে এই দৃশ্য প্ৰত্যক্ষ কৰি শংকিত হৈ পৰে মাজৰআটিৰ স্থানীয় ৰাইজ । কিয়নো যোৱা প্ৰায় তিনি মাহ ধৰি অঞ্চলটোত উপদ্ৰৱৰ সৃষ্টি কৰি অহিছে হাতীৰ জাকটোৱে ৷

ইফালে এই হাতী কেইটা খেদি কাৰ্বি পাহাৰলৈ পঠিয়াই দিয়াৰ বহু চেষ্টা কৰিও ব্যৰ্থ হৈছে বন বিভাগ । লগতে হাবিখন সম্পূৰ্ণৰূপে পৰিস্কাৰ কৰি নিদিয়াৰ বাবে স্বত্বাধিকাৰী গৰাকীৰ বিৰুদ্ধে চুড়ান্তভাৱে ক্ষোভ উজাৰিছে ভুক্তভোগী একাংশ ৰাইজে । যাৰ পৰিণতিত বনৰীয়া হাতীৰ মুক্ত বিচৰণ ৰ' লাগি চাই ৰোৱাৰ বাহিৰে নিৰুপায় হৈ পৰিছে গাঁওবাসী !

লগতে পঢ়ক : World diabetes day: কলগাছিয়াত অনুষ্ঠিত Run Kalgachia শীৰ্ষক দৌৰ প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.