ETV Bharat / city

সদৌ নগাঁও ভোগালী বিহু উৎসৱৰ সাংস্কৃতিক কাৰ্যসূচী বাতিল

author img

By

Published : Jan 12, 2022, 10:53 PM IST

বাতিল হ’ল সদৌ নগাঁও ভোগালী বিহু উৎসৱৰ সাংস্কৃতিক কাৰ্যসূচী(Cultural program of Nagaon Bhogali Bihu festival cancelled) । অৱশ্যে ক’ভিড বিধি মানি বিহুতলিত স্থাপন কৰা আত্মসহায়ক গোটৰ মেলাকে ধৰি আন কেতবোৰ কাৰ্যসূচী চলি থাকিব । ১৫জানুৱাৰীত বিহু উৎসৱত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma to participate in Nagaon Bhogali Bihu festival) ৷

Cultural program of Nagaon Bhogali Bihu festival
সদৌ নগাঁও ভোগালী বিহু উৎসৱৰ সাংস্কৃতিক কাৰ্যসূচী বাতিল

নগাঁও, 12 জানুৱাৰী: ক'ভিড ১৯ ৰ সংক্ৰমণ আৰু নতুন SOP ৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত কলঙৰ বাকৰিৰ নেহৰুবালিত ১৩ জানুৱাৰী পৰা অনুষ্ঠিত হ'ব লগা ১০৯ সংখ্যক ভোগালী বিহু উৎসৱৰ সন্ধিয়াৰ সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰা হৈছে (Cultural program of Nagaon Bhogali Bihu festival cancelled) । অৱশ্যে ক’ভিড বিধি মানি বিহুতলিত স্থাপন কৰা আত্মসহায়ক গোটৰ মেলাকে ধৰি আন কেতবোৰ কাৰ্যসূচী চলি থাকিব ।

নগাঁও চহৰৰ শ্বহীদ ভৱনত অস্থায়ীভাৱে স্থাপন কৰা সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতিৰ কাৰ্যালয়ত আজি অনুষ্ঠিত এক সংবাদ মেলত সমিতিৰ কাৰ্যকৰী সভাপতি তথা নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই এই কথা জানিবলৈ দি লগতে কয় যে, শেহতীয়াভাৱে ৰাজ্যখনৰ লগতে নগাঁৱতো কভিডৰ সংক্ৰমণ বৃদ্ধি হৈছে(Covid cases increase in Nagaon) । কভিডৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা SOP মানি ভোগালী বিহু উৎসৱ উদযাপন কৰা হ’ব । বিশেষকৈ কভিডৰ দুয়োটা ভেকচিন লোৱাৰ প্ৰমান পত্ৰ দেখুওৱাৰ লগতে মাস্ক পৰিধান কৰিহে বিহু স্থলীত প্ৰবেশ কৰিব পাৰিব ।

আনহাতে, কাইলৈ উৰুকাৰ দিনৰ পৰা ছদিনীয়াকৈ আয়োজন কৰা এই বিহু উৎসৱ পালন কৰা হ’ব । বিধায়ক গৰাকীয়ে লগতে জানিবলৈ দিয়ে যে বিহু উৎসৱৰ দিনকেইটাত আত্মসহায়ক গোটৰ মেলা সন্ধিয়া ৬ বজালৈকে চলিব আৰু ৬ বজাৰ লগে লগে উৎসৱথলীৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়াৰ লগতে নিশা 8 বজাৰ ভিতৰত বিদ্যুতৰ ব্যৱস্থা কৰ্তন কৰি দিয়া হ'ব ।

সংবাদ মেলত বিধায়ক গৰাকীয়ে জানিবলৈ দিয়ে যে, ১৫ জানুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই বিহু উৎসৱৰ মুকলি সভাত অংশগ্ৰহণ কৰিব (CM Himanta Biswa Sarma to participate in Nagaon Bhogali Bihu festival) । সেইদিনাই মুখ্যমন্ত্ৰীয়ে দিনৰ ১২ বজাত বিহু উৎসৱৰ মুকলি সভাত নগাঁৱৰ শতাধিক বিশিষ্ট নাগৰিকক সম্বৰ্ধনা জনোৱাৰ লগতে বিহুৰ জলপান গ্ৰহণ কৰিব । ইয়াৰ আগতে মুখ্যমন্ত্ৰীয়ে নগাঁও আৱৰ্ত ভৱনৰ সমীপত কলং নৈৰ ওপৰত নিৰ্মাণ কৰা দলংখন জনসাধাৰণৰ বাবে মুকলি কৰিব ।

তদুপৰি মুখ্যমন্ত্ৰীয়ে আৱৰ্ত ভৱনৰ সম্মুখত ‌‌দেশৰ ৭৫ বছৰীয়া স্বাধীনতাৰ লগত সংগতি ৰাখি উদযাপন কৰা অমৃত মহোৎসৱ উপলক্ষে নিৰ্মাণ কৰা "অমৃৎ কানন" নামৰ উদ্যানখন মুকলি কৰিব । "অমৃৎ কানন"ৰ সন্মুখত ষ্টেট বেংকৰ নগাঁও শাখাৰ কাষত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজী ৰাইজক প্ৰদৰ্শন কৰাৰ বাবে নিৰ্মাণ কৰিব লগা এক আঁচনিৰ আধাৰশিলাও স্থাপন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ।

"অমৃৎ কানন" উদ্যানত পণ্ডিত জৱাহৰলাল নেহৰু, নেতাজী সুভাষ চন্দ্ৰ বসু, নগাঁৱৰ মুক্তি যোদ্ধা মহেন্দ্ৰ নাথ হাজৰিকা, দেৱকান্ত বৰুৱা, হলধৰ ভূঞা, পূৰ্ণ কান্ত শৰ্মাৰ মূৰ্তি স্থাপন কৰা হৈছে । এই মূৰ্তিসমূহ পূৰ্বতে পৃথকে পৃথকে স্থাপন কৰা হৈছিল । এতিয়া এই মূৰ্তি সমূহ উদ্যান খনত স্থাপন কৰা হৈছে । ইয়াত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ মূৰ্তিও স্থাপন কৰা হৈছে । তদুপৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ, আনন্দৰাম ঢেকিয়াল ফুকনৰ মূৰ্তি স্থাপনৰ ব্যৱস্থা কৰা হৈছে ।

সেইদিনাই মুখ্যমন্ত্ৰীয়ে নগাঁও মহাবিদ্যালয়ৰ এক কাৰ্যসূচীতো অংশ ল’ব । নগাঁও মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ বাবে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপৰ বাবে একেটা অনুষ্ঠানতে নগাঁৱৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু বিশিষ্ট নাগৰিকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সম্বৰ্ধনা জনাব বুলি সংবাদমেলত বিধায়ক ৰূপক শৰ্মাই জানিবলৈ‌ দিয়ে ।

তদুপৰি নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামৰ ইনড’ৰ ষ্টেডিয়ামক অত্যাধুনিক কৰা, নগাঁৱৰ চুইমিং পুলৰ আন্তঃগাঁথনিৰ উন্নয়নকে ধৰি বহু কেইটা আঁচনিৰ কাম শীঘ্ৰেই আৰম্ভ কৰা হ’ব বুলি বিধায়ক গৰাকীয়ে জানিবলৈ দিয়ে । বিধায়ক গৰাকীয়ে লগতে কয়, নগাঁও চহৰক ৰাজ্যখনৰ ভিতৰতে এখন জাকত-জিলিকা চহৰ হিচাপে গঢ়ি তোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে । সংবাদমেলত বিহু উৎযাপন সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ তামুলী ফুকন, সাধাৰণ সম্পাদকদ্বয় জয়ন্ত বৰা আৰু ৰঞ্জিত বৰা আদিসকলে অংশ গ্ৰহণ কৰে ।

লগতে পঢ়ক : ভোগালীত মেজি নজ্বলা কেকেৰীকুছিৰ অভিশপ্ত ইতিহাস...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.