নগাঁও, 28 ছেপ্টেম্বৰ: নগাঁও আৰক্ষীয়ে বুধবাৰে অভিযান চলায় বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে (Drugs seized in Nagaon) । হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলাইছিল এই অভিযান ৷ আৰক্ষীয়ে অভিযানৰ সময়ত এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷
হয়বৰগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত ডিমৰুগুৰিৰ ৰৌচন আলীৰ নামৰ লোকজনৰ বাসগৃহত অভিযান চলায় ৷ আৰক্ষীৰ দলটোৱে অসামৰিক পোছাকত ড্ৰাগছৰ গ্ৰাহকৰ ৰূপত ৰৌচন আলীৰ ঘৰত উপস্থিত হৈ চলাইছিল এই অভিযান (Assam police Anti Drug Campaign) । তেওঁলোকে ৰৌচন আলীৰ ঘৰৰ পৰা প্ৰায় লক্ষাধিক টকাৰ হেৰ'ইন জব্দ কৰে ।
অতি কৌশলেৰে চলোৱা অভিযানত আৰক্ষীৰ দলটোৱে হেৰ'ইনখিনি জব্দ কৰাৰ লগতে হাতে লোটে আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী ৰৌচন আলীক (Drug mafia arrested in Nagaon) । আৰক্ষীয়ে ৰৌচনৰ বাসগৃহৰ পৰা ৯৬ টা কন্টেনাৰ আৰু ৩ টা চাবোনৰ বাকচৰ ভিতৰৰ পৰা হেৰ'ইনখিনি জব্দ কৰে ৷
ইয়াৰ পূৰ্বেও ৰৌচন আলীক ড্ৰাগছ বিক্ৰী কৰাৰ অভিযোগত আটক কৰিছিল নগাঁও আৰক্ষীয়ে । সম্প্ৰতি হয়বৰগাঁও আৰক্ষীয়ে ৰৌচন আলীক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক: ৰঙিয়াত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ