ETV Bharat / city

কলিযুগৰ শ্ৰৱণ কুমাৰৰ বটদ্ৰৱা ভ্ৰমন : মাতৃৰ সৈতে ল'লে আশীষ

author img

By

Published : Jun 24, 2019, 8:51 AM IST

বৰ্তমান সময়ত নিজ সন্তানে পিতৃ - মাতৃৰ দায়িত্ব লোৱাৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰাৰ সময়তে কৰ্নাটকৰ ডি কৃষ্ণ কুমাৰে মাতৃভক্তিৰ অতুলনীয় উদাহৰণ দাঙি ধৰিলে ৷ ৭০ বয়সীয়া বৃদ্ধা মাতৃক স্কুটাৰত উঠাই ভেলুৰ মথৰ পৰা আৰম্ভ কৰি কাশী, বৃন্দাবন কামাখ্যাধামকে আদি কৰি উপস্থিত হ'ল বটদ্ৰৱা থানত ৷

কলিযুগৰ শ্ৰৱণ কুমাৰৰ বটদ্ৰৱা ভ্ৰমন

বটদ্ৰৱা, 24 জুন : ৪০ হাজাৰ কিলোমিটাৰ পথ ভ্ৰমন কৰি কলিযুগৰ শ্ৰৱণ কুমাৰ খ্যাত কৰ্নাটকৰ ডি কৃষ্ণ কুমাৰ উপস্থিত হ'ল বটদ্ৰৱা থানত ৷ বৰ্তমান সময়ত সন্তানে নিজ পিতৃ - মাতৃৰ দায়িত্বৰ পৰা হাত সাৰিবলৈ বৃদ্ধাশ্ৰমত থোৱাৰ সময়তে ডি কৃষ্ণ কুমাৰে ৭০ বয়সীয়া বৃদ্ধা মাতৃ সুদৰ্থনাৰ মনোবাঞ্চা পূৰণাৰ্থে উপস্থিত হয় বটদ্ৰৱাত ৷ পিতৃয়ে মৃত্যুৰ পূৰ্বে উপহাৰ দিয়া বাজাজ স্কুটাৰ চলাই প্ৰথমে ভেলুৰ মথৰ পৰা যাত্ৰা আৰম্ভ কৰি কাশী, বৃন্দাবন, জগন্নাথ পুৰী, কন্যাকুমাৰী, দ্বাৰকাকে আদি কৰি অৱশেষত অসমত আহি উপস্থিত হয় ৷

কলিযুগৰ শ্ৰৱণ কুমাৰৰ বটদ্ৰৱা ভ্ৰমন

উল্লেখ্য যে, ১৩ বছৰ চাকৰি কৰি বিভিন্ন ঠাই ভ্ৰমন কৰাৰ অন্তত মাতৃ সুদৰ্থনাই ভেলুৰ মঠ দৰ্শনৰ ইচ্ছা প্ৰকাশ কৰাত পু্ত্ৰ কুমাৰে ভেলুৰৰ লগতে সমগ্ৰ দেশৰ মঠ - মন্দিৰ পৰিভ্ৰমন কৰোৱায় ৷ চিৰকুমাৰ ব্ৰত গ্ৰহণ কৰা কুমাৰে আজীৱন মাতৃ সেৱাৰ সংকল্পৰে চাকৰিৰ পৰা অব্যাহতি লৈ এনেদৰে দেশৰ বিভিন্ন ঠাই পৰিভ্ৰমন কৰে ৷ এই সৌভাগ্যশালী মাতৃ গৰাকীয়ে মন্তব্য কৰে যে, স্কুটাৰত বহি ইমানবোৰ স্থান পৰিভ্ৰমন কৰাৰ পাছতো কোনো ধৰণৰ কঁকালৰ বিষ, পিঠিৰ বিষ, ভৰিৰ বিষ অনুভৱ কৰা নাই তেওঁ ৷ বটদ্ৰৱা থানত উপস্থিত হৈ মাতৃ - পুত্ৰই কীৰ্তন ঘৰ, পদশিলা, পটশিলা, হাটিবহা, আকাশী গংগা, শংকৰ শিলিখা বৃক্ষ দৰ্শন কৰি আপ্লুত হৈ পৰে । কৃষ্ণ কুমাৰে জানিবলৈ দিয়ে যে, বটদ্ৰৱা থান দৰ্শন নকৰা হ'লে তেওঁৰ উত্তৰ - পূৱ ভ্ৰমণ সাৰ্থক নহ'ল হেতেন ৷

Intro:বটদ্ৰৱাত উপস্থিত হল কলিযুগৰ শ্ৰৱণ কুমাৰ কৰ্নাটকৰ ডি কৃষ্ণ কুমাৰ । বটদ্ৰৱা থানত উপস্থিত হৈ মাতৃ পুত্ৰই ললে আৰ্শীষ ।Body:৪০ হাজাৰ কিলোমিটাৰ পথ পৰিভ্ৰমন কৰি কলিযুগৰ শ্ৰৱণ কুমাৰ বটদ্ৰৱাত ।পিতৃ মাতৃক নিজৰ দ্বায়িত্ব আৰু কৰ্তব্য পৰা হাত সাৰিবলৈ সতি সন্তানে বৃদ্ধাশ্ৰমত থয়, সেই সময়তে নিজৰ মাতৃৰ বাবে সকলো ত্যাগ কৰি মাতৃৰ মনোবাঞ্চা পূৰণাৰ্থে জীৱনৰ আধা সময় শ্ৰৱনৰ আদৰ্শ হিচাপে লৈ আগবাঢ়া চিৰকৌমাৰ্য ব্ৰতাৱলম্বী কৃষ্ণ কুমাৰে উপস্থিত হয় গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত। ৪০ হাজাৰ কিলোমিটাৰ পথ পৰিভ্ৰমন কৰি আজি গুৰুজনাৰ জন্মভূমিত উপস্থিত হল কলিযুগৰ শ্ৰৱণ কুমাৰ কৰ্নাটকৰ ডি কৃষ্ণ কুমাৰ। কৰ্নাটকৰ মৈসুৰ গাঁৱৰ নিৱাসী ডি কৃষ্ণ কুমাৰে ৭০ বয়সীয়া বৃদ্ধ মাতৃ সুদৰ্থনাক লগত লৈ পিতৃয়ে মৃত্যুৰ পূবে উপহাৰ হিচাপে দিয়া বাজাজ চেটক স্কুটাৰ চলাই প্ৰথমে ভেলুৰ মথৰ পৰা যাত্ৰা আৰম্ভ কৰি সমগ্ৰ দেশ কাশী, বৃন্দাবন, জগন্নাথ পুৰী, কন্যাকুমাৰী, দ্বাৰিকাকে আদি কৰি পূবৰ পৰা পশ্চিম, উত্তৰৰপৰা দক্ষিণৰ সমূহ তীৰ্থভূমিৰ তীৰ্থস্থান দৰ্শন কৰি অৱশেষত আহি অসমত উপস্থিত হয়। অসমৰ কামাখ্যা মন্দিৰকে আদি কৰি বিভিন্ন স্থান দৰ্শন কৰি আজি সন্ধিয়া বটদ্ৰৱা থানত উপস্থিত হয়। ডি কৃষ্ণ কুমাৰে মাৰ্কেটং বিভাগত ১৩ বছৰ চাকৰি কৰি বিভিন্ন ঠাইত ভ্ৰমণ কৰাৰ অন্তত এদিন মাকে ভেলুৰ মঠ দৰ্শনৰ তীব্ৰ ইচ্ছা প্ৰকাশ কৰে। পুত্ৰ কৃষ্ণ কুমাৰে তেতিয়া মাকক অকল ভেলুৰ মঠেই সমগ্ৰ দেশৰ সকলো মন্দিৰ দৰ্শন কৰাম বুলি সংকল্প ললে। আজীৱন মাতৃ সেৱাৰ সংকল্পৰে চিৰকুমাৰ ব্ৰত গ্ৰহণ কৰা কুমাৰে চাকৰিৰ পৰা অব্যাহতি লৈ দেউতাকৰ পুৰণি বাজাজ চেটক স্কুটাৰ চলাই ভেলুৰ মঠ দৰ্শনৰ অন্তত প্ৰথমে বাংগালোৰৰ পৰা কাশ্মীৰলৈ যাত্ৰা আৰম্ভ কৰে।এখন ব্যক্তিগত কাৰেৰে মাতৃক ভ্ৰমণ কৰাব পৰা শ্ৰৱণে পিতৃৰ স্মৃতিক লগত লৈ মাতৃক কাষত বহুৱাই লৈ সমগ্ৰ দেশ ভ্ৰমণ কৰাৰ এয়া এক সপোন। সমগ্ৰ দেশৰ ভিন্ন প্ৰান্তৰ ভিন্ন বাতাবৰণ ভিন্ন জলবায়ু নেওচি বটদ্ৰৱাত উপস্থিত হোৱা এই সৌভাগ্যশালী মাতৃ গৰাকীয়ে কয় আশ্বৰ্য্যজনক ভাবে পুত্ৰৰ লগত বাজাজ স্কুটাৰত বহি কোনো ধৰণৰ ককালৰ বিষ, পিঠিৰ বিষ, ভৰিৰ বিষ অনুভৱ কৰা নাই। বটদ্ৰৱা থানত উপস্থিত হোৱা মাতৃ পুত্ৰই বটদ্ৰৱা থানৰ কীৰ্তন ঘৰ, পদশিলা, পটশিলা, হাটিবহা, আকাশী গংগা, শংকৰ শিলিখা বৃক্ষ দৰ্শন কৰি আপ্লুত হৈ পৰে। কৃষ্ণ কুমাৰে বটদ্ৰৱা থানৰ বিয়লি আইসকলৰ নাম শ্ৰৱণ কীৰ্তন কৰি বটদ্ৰৱা থান দৰ্শন নকৰিলে তেওঁৰ উত্তৰ পূৱ ভ্ৰমণ সাৰ্থক নহল হেতেন বুলি মন্তব্য প্ৰদান কৰে।___________________________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.