কলিয়াবৰ, 23 এপ্ৰিল : কৰ'ণাৰ ভয়াৱহ সংক্ৰমণৰ সময়তো মাস্ক নোহোৱাকৈয়ে ঘূৰি ফুৰা এচাম লোকক কলিয়াবৰ প্ৰশাসনে জৰিমনা বিহে । বিভিন্ন অজুহাত দেখুৱাই মাস্ক নিপিন্ধাকৈ থকা ব্যক্তিক জৰিমনা বিহি ক’ভিডসৃষ্ট পৰিস্থিতি নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰে কলিয়াবৰ মহকুমা প্ৰশাসনে ।
কলিয়াবৰ মহকুমাৰ কাৰ্যবাহী দণ্ডাধীশৰ নেতৃত্বত এক অভিযান কালত মাস্ক নিপিন্ধা বহু ব্যক্তিক জৰিমনা বিহা হয় । তদুপৰি, জখলাবন্ধা ব্যৱসায়ী সন্থাই ' ক্লীন জখলাবন্ধা, গ্ৰীণ জখলাবন্ধা'ৰ সহযোগত মাস্ক বিতৰণ কৰি সজাগতা সৃষ্টিত অৰিহণা যোগায় ।
লগতে পঢ়ক : বাক্সাত বৰ্তমানলৈ প্ৰায় ৩৩ হাজাৰ লোকক ক’ভিডৰ প্ৰতিষেধক প্ৰদান