ETV Bharat / city

উৎকোচ দিলেহে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ ! - প্ৰধানমন্ত্ৰী আৱাস যোজনা

কচুৱা গেৰজাইপাম গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভৰ নামত উৎকোচ গ্ৰহণৰ অভিযোগ ৷ পঞ্চায়ত সদস্যৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷

corruption in pmay scam
প্ৰধানমন্ত্ৰী আৱাস যোজনাত দুৰ্নীতিৰ অভিযোগ
author img

By

Published : Aug 21, 2021, 10:10 AM IST

বঢ়মপুৰ, 21 আগষ্ট : বৰ্তমান অসমত সঘনে চৰ্চিত বিষয় হৈ পৰিছে দুৰ্নীতি ৷ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰা বিজেপি চৰকাৰৰ দিনতেই প্ৰতিদিনে পোহৰলৈ আহিছে দুৰ্নীতিৰ নানান তথ্য ৷ অভিযোগ অনুসৰি, বৰ্তমান ৰাজ্য চৰকাৰৰ বহু বিভাগতেই সংঘটিত হৈছে দুৰ্নীতি ৷ এইবাৰ দুৰ্নীতি সংঘটিত হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ৷

এই অভিযোগ উত্থাপন কৰিছে কচুৱাৰ গেৰজাইপামবাসী ৰাইজে ৷ যাৰ বিৰুদ্ধে শুকুৰবাৰে ৰজাইপামৰ ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷ গাঁওবাসীয়ে অভিযোগ কৰা অনুসৰি, কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত গেৰজাইপাম গাঁও পঞ্চায়তৰ 8 নং ৱাৰ্ডৰ সদস্য আব্দুল হেকিম আৰু সভানেত্ৰী নুৰ জাহানে সংঘটিত কৰিছে এই দুৰ্নীতি ৷

কচুৱাত প্ৰধানমন্ত্ৰী আৱাস যোজনাত দুৰ্নীতিৰ অভিযোগ

পঞ্চায়তখনৰ 8 নং ৱাৰ্ডৰ সদস্য আব্দুল হেকিমে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ গৃহ প্ৰদানৰ নামত হিতাধিকাৰীৰ পৰা 5-10 হাজাৰকৈ টকা উৎকোচ হিচাপে গ্ৰহণ কৰে ৷ আনকি কোনো হিতাধিকাৰীয়ে দাবী কৰা মতে ধন আদায় দিব নোৱাৰিলে, আৱাসগৃহ লাভ নকৰাৰ লগতে ভোট কৰ্তন কৰাৰো ভাবুকি প্ৰদান কৰে পঞ্চায়তৰ সদস্য হেকিমে ৷

লগতে পঢ়ক : মৰাণৰ শান্তিবন শ্মশানৰ উন্নয়নত ব্যাপক অনিয়ম

সভানেত্ৰী নুৰ জাহানক সুবিধা বঞ্চিত হিতাধিকাৰীয়ে বাৰে বাৰে অভিযোগ দাখিল কৰাৰ পিছতো বিষয়টো সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ ইয়াৰ বিপৰীতে সভানেত্ৰীগৰাকীয়ে দায়সৰা মন্তব্য প্ৰদান কৰি বিষয়টোৰ পৰা ফালৰি কাটিব বিচাৰে ৷ ৰাইজে দাখিল কৰা অভিযোগৰ কথা জানিব পাৰি আব্দুল হেকিমে অঞ্চলটোৰ ৰাইজক ভয়-ভাবুকি দিয়া বুলিও আন এক অভিযোগ উত্থাপিত হৈছে ৷

corruption in pmay scam
ৱাৰ্ড সদস্য আব্দুল হেকিম

ইয়াকে লৈ ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ সেয়ে হাতে হাতে অভিযোগ পত্ৰ লৈ হিতাধিকাৰীসকলে কাষ চাপিছে ৰাজহ চক্ৰ বিষয়াৰ ৷ ভুক্তভোগীসকলে এই বিষয়ৰ উচিত তদন্তৰে দোষীৰ শাস্তি দাবী কৰিছে ৷ সততে স্বচ্ছ আৰু নিকাৰ শ্ল’গান দি অহা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ দাসক এই বিষয়ে উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে দুৰ্নীতিগ্ৰস্ত প্ৰতিনিধিসকলক নাকী লগাবলৈ আহ্বান জনাইছে কচুৱা গেৰজাইপাম গাঁও পঞ্চায়তৰ সুবিধা বঞ্চিত ৰাইজে ৷

লগতে পঢ়ক : কাম নকৰাকৈয়ে কাৰ পকেটত সোমাল ৪৫ লক্ষাধিক টকা !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.