ETV Bharat / city

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ নামানে FCI ৰ নগাঁৱৰ দুই ঠিকাদাৰে

নগাঁৱত উচ্চতম ন্যায়্যালয়ৰ নিৰ্দেশক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি অত্যাধিক সামগ্ৰী কঢ়িয়াই আছে ভাৰতীয় খাদ্য নিগমৰ দুই ঠিকাদাৰৰ ট্ৰাকে । যান-বাহন আইনক অৱমাননা কৰি সামগ্ৰী কঢ়িওৱাৰ অভিযোগ (Overload FCI truck in Nagaon) দুই ঠিকাদাৰৰ ট্ৰাক চালকৰ বিৰোদ্ধে । নীৰৱ নগাঁৱৰ পৰিবহন বিভাগ কিম্বা যান-বাহন আৰক্ষীৰ ।

Contractors in Nagaon of FCI defied Supreme Court order
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ নামানে FCI ৰ নগাঁৱৰ দুই ঠিকাদাৰে
author img

By

Published : Aug 22, 2022, 6:39 PM IST

নগাঁও, 22 আগষ্ট : উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অৱনমাননা ভাৰতীয় খাদ্য নিগমৰ সামগ্ৰী কঢ়িওৱা বহু ট্ৰাকৰ । যান-বাহন আইনকো বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি নগাঁৱত দপদপনি দুই ঠিকাদাৰ প্ৰতিষ্ঠানৰ (Contractors in Nagaon FCI defied Supreme Court order)। এই অভিযোগ পিছে আমাৰ নহয় । এই অভিযোগ নগাঁও জিলা ট্ৰাক মালিক সন্থাৰ ৷

Contractors in Nagaon of FCI defied Supreme Court order
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ নামানে FCI ৰ নগাঁৱৰ দুই ঠিকাদাৰে

তথ্য অনুসৰি, নগাঁৱৰ শেনচোৱা ৰে’ল ষ্টেচনৰ পৰা প্ৰতিদিনাই সামগ্ৰী ভৰ্তি কৰোৱা হয় শ শ ট্ৰাকত । দহ টন সামগ্ৰী কঢ়িওৱা ট্ৰাকৰে কঢ়িয়াইছে পোন্ধৰ টন পৰ্যন্ত সামগ্ৰী । 12 চকীয়া ট্ৰাকত 24 টন সামগ্ৰী কঢ়িয়াব লাগে ৷ কিন্তু যদিও নগাঁৱৰ দুগৰাকী ঠিকাদাৰে অতিৰিক্তভাৱে 5 টন পৰ্যন্ত সামগ্ৰী কঢ়িওৱাৰ অভিযোগ উত্থাপন হৈছে (Overload FCI truck in Nagaon) ।

নগাঁৱৰ ৱায়াৰ হাউচত সামগ্ৰী যোগান ধৰা বালাজি মাৰ্বল এণ্ড টাইলছ নামৰ প্ৰতিষ্ঠানটোৰ লগতে ডিফুত সামগ্ৰী যোগান ধৰা বিকাশ মৌৰ নামৰ ঠিকাদাৰৰ বিৰুদ্ধে উত্থাপন হৈছে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশকো অৱমাননা কৰাৰ গুৰুতৰ অভিযোগ ।

কেৱল এয়াই নহয়, যান-বাহন আইনকো একপ্ৰকাৰ বৃদ্ধাংগুষ্ঠ দেখুৱাই নগাঁও চহৰৰ মাজেৰেই পাৰ কৰে সামগ্ৰী কঢ়িয়াওৱা 12 চকীয়া বাহন । 12 চকীয়া বাহনৰ ক্ষেত্ৰত থকা No Entry ও অনায়াসে পাৰ কৰাৰ অভিযোগ এই দুই ঠিকাদাৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আৰু যান বাহন আইনক অৱমাননা কৰি নগাঁৱত দুই ঠিকাদাৰৰ ট্ৰাকে কিদৰে অতিৰিক্ত সামগ্ৰী কঢ়িয়াবলৈ সক্ষম হয়, সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে ।

এই ক্ষেত্ৰত নগাঁও পৰিবহন বিভাগ আৰু যান বাহন আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাটোও এক ৰহস্যজনক বিষয় হিচাপে চৰ্চিত হৈছে ৷ আমাৰ এই বাতৰি সম্প্ৰচাৰিত হোৱাৰ পাচত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ৰোগীৰ পৰা ধন লোৱা 2 টেকনিচিয়ানক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.