ETV Bharat / city

মূল্য বৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

অত্যাৱশ্যকীয় সামগ্ৰী তথা পেট্ৰ'ল জাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সোমবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ দলে ৷ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰে প্ৰতিবাদকাৰী সকলে ৷

author img

By

Published : Jul 12, 2021, 10:31 PM IST

Congress Protest Against  price Hike At Samguri Nagaon District
মূল্য বৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

চামগুৰি,12 জুলাই : ক'ভিডসৃষ্ট পৰিৱেশে জুৰুলা কৰা সাধাৰণ জনতাৰ ওপৰত এতিয়া মূল্যবৃদ্ধিয়ে পুনৰ মাধমাৰ শোধাইছে । মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰখনে এতিয়া জনসাধাৰণৰ হিতৰ বিপৰীতে ৰাম টাঙোন সোধাইছে ৷ অত্যাৱশ্যকীয় সামগ্ৰী তথা পেট্ৰ'ল জাতীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে দীৰ্ঘ দিন ধৰি কংগ্ৰেছ দলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ নগাঁও জিলাৰ চামগুৰিৰ বাজিয়াগাঁও ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগতো সোমবাৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে দুঘন্টীয়া প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছৰ দলীয় সমৰ্থক সকলে ৷

অত্যাৱশ্যকীয় সামগ্ৰী তথা পেট্ৰ'ল জাতীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্দেশ দিয়ে ৷ এই নিৰ্দেশ মৰ্মে আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বান ক্ৰমে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত বাজিয়াগাঁও ব্লক কংগ্ৰেছ কমিটিৰ দলীয় সতীৰ্থ সকলে দুঘন্টা ধৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে পালন কৰিলে তীব্ৰ প্ৰতিবাদ ৷ চামগুৰিৰ ৰঙাগড়াস্থিত NRL পেট্ৰ'ল পাম্পৰ বাকৰিত প্ৰতিবাদ সাব্যস্ত কৰে ৷

উক্ত প্ৰতিবাদী কাৰ্যসূচীত বিজেপি চৰকাৰ হায় হায়,পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰক, নৰেন্দ্ৰ মোদী হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায় ইত্যাদি বিভিন্ন শ্ল'গান দি পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷ অতিশীঘ্ৰে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে পেট্ৰল জাতীয় সামগ্ৰীৰ মূল্য প্ৰতিৰোধ কৰিবলৈ চৰকাৰ তথা যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক দাবী জনাইছে ৷ যদি মূল্য বৃদ্ধি হ্ৰাস নকৰে তেনেহলে অনাগত দিনত জংগী আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ৷

অকল অত্যাৱশ্যকীয় সামগ্ৰীতে নহয়, বিদ্যুৎ মাচুল ৰেহাই দিয়াৰ বিপৰীতে বিজেপি চৰকাৰে বিদ্যুতৰ মাচুল তিনিগুণ, চাৰিগুণ বৃদ্ধি কৰিছে কংগ্ৰেছ দলে অভিযোগ উত্থাপন কৰিছে ৷ বিজেপি চৰকাৰৰ শাসনকালত আম্বানী-আদানীৰ দৰে পুঁজিপতিসকল অধিক ধনী হোৱাৰ বিপৰীতে মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকৰ জীৱন দিনক দিনে পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে বুলি অভিযোগ কৰে প্ৰতিবাদ কাৰী সকলে ৷

লগতে পঢ়ক-বিধানসভাত উত্থাপিত হ’ল বিতৰ্কিত গো-সুৰক্ষা বিধেয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.