ETV Bharat / city

দখলত থকা সমষ্টিতহে AIUDF য়ে দিব পাৰিব প্ৰাৰ্থীত্বঃ নুৰুল হুদা - এ আই ইউ ডি এফ

কংগ্ৰেছ -এ আই ইউ ডি এফৰ মিত্ৰতা সম্পূৰ্ণ নহওতেই AIUDF য়ে বিগত নিৰ্বাচনত জয়ী হোৱা সমষ্টিতহে দলীয় প্ৰাৰ্থীত্ব দিব পাৰিব বুলি মন্তব্য কৰে কংগ্ৰেছ বিধায়ক নুৰুল হুদাই ৷ বাকীবোৰ সমষ্টিত অন্য দলৰ প্ৰাৰ্থীয়েহে স্থান পাব বুলি মন্তব্য কৰে বিধায়কজনে ৷

CONGRESS  MLA NURUL HUDA SAID ABOUT ELECTIO ISSU
দখলত থকা সমষ্টিতহে AIUDF য়ে দিব পাৰিব প্ৰাৰ্থীত্বঃ নুৰুল হুদা
author img

By

Published : Aug 26, 2020, 9:56 PM IST

নগাঁও, 26 আগষ্টঃ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা প্ৰায় চূড়ান্ত পৰ্যায় পোৱাৰ সময়তে বুধবাৰে কংগ্ৰেছ এ আই ইউ ডি এফৰ মিত্ৰতা সন্দৰ্ভত ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ ই টি ভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰ অনুষ্ঠিত হয় ৷ সাংবাদিকৰ আগত কংগ্ৰেছী বিধায়ক নুৰুল হুদাই কেতবোৰ গুৰত্বপূৰ্ণ মন্তব্য কৰে ৷

দখলত থকা সমষ্টিতহে AIUDF য়ে দিব পাৰিব প্ৰাৰ্থীত্বঃ নুৰুল হুদা

সাক্ষাৎকাৰত বিধায়ক নুৰুল হুদাই কয় যে, এসময়ত হুজুৰ বুলি সম্বোধন কৰা বদৰ উদ্দিন আজমলক লৈ এতিয়া ৰাজনৈতিক ইছ্যু কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। কিন্তু দেশ স্বাধীনৰ সময়ত ইংৰাজক সহায় কৰিছিল হাফপেন্ট পিন্ধা আৰ এছ এছে । ইফালে বিজেপিক পৰাজিত কৰাৰ স্বাৰ্থত কংগ্ৰেছে বিগ ব্ৰাদাৰ্চ হিচাপে ধৰ্মনিৰপেক্ষ সকলো দলক একত্ৰিত কৰি কংগ্ৰেছ দলে আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হ'ব । ইফালে এ আই ইউ ডি এফৰ দখলত থকা সমষ্টিতহে দলটোৱে দলীয় প্ৰাৰ্থীত্ব দিব পাৰিব বুলি গুৰুতৰ মন্তব্য কৰে কংগ্ৰেছী বিধায়ক নুৰুল হুদাই । বিগত নিৰ্বাচনত এ এই ইউ ডি এফে বহু সমষ্টিত প্ৰাৰ্থীত্ব দিয়াৰ বাবেহে বিজেপিয়ে বেছি আসন লাভ কৰিছে অন্যথা সেইবোৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী সকলে জয়ী হ'ল হেতেন বুলি মন্তব্য কৰে বিধায়কজনে ।

কিন্তু 2020 চনৰ বিধান সভা নিৰ্বাচনত কংগ্ৰেছে বিগ ব্ৰাদাৰ্চ হিচাপে ধৰ্মনিৰপেক্ষ সকলো দলক একত্ৰিত কৰি বিজেপিক গাদীচ্যুত কৰিব । এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা হ'লে উজনি অসমৰো বহু আসন কংগ্ৰেছে লাভ কৰিব বুলিও মন্তব্য কৰে বিধায়ক নুৰুল হুদাই । শাসকীয় দল বিজেপিয়ে কেৱল হিন্দু মুছলমানক ভাগ-ভাগ কৰি ধৰ্মৰ নামত নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ চেষ্টা কৰিছে বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে । কংগ্ৰেছৰ ত্যাগৰ বিনিময়তহে দেশ স্বাধীন হোৱাৰ কথা উল্লেখ কৰি সেই সময়ত হাফ পেন্ট পিন্ধা আৰ এছ এছ নেতাই ইংৰাজক সহায় কৰিছিল বুলিও বিজেপিক কটাক্ষ কৰে বিধায়ক নুৰুল হুদাই ।

লগতে পঢ়ক- ৰাজ্যৰ ৰাজনীতিত নতুন আঞ্চলিক দলৰ সূচনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.