ETV Bharat / city

প্ৰবল বৰষুণৰ মাজতে নগাঁৱত উদযাপন স্বাধীনতা দিৱস

author img

By

Published : Aug 15, 2021, 12:56 PM IST

সমগ্ৰ দেশৰ লগতে নগাঁৱতো উদযাপন কৰা হয় স্বাধীনতা দিৱস । প্ৰতিকূল বতৰক নেওচি জিলা প্ৰশাসনৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত উদযাপন কৰা হয় স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৷

celebrated the 75th Independence Day in Nagaon
নগাঁৱত উদযাপন 75 সংখ্যক স্বাধীনতা দিৱস

নগাঁও, 15 আগষ্ট : সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে 75 সংখ্যক স্বাধীনতা দিৱস ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত উদযাপন কৰা হয় স্বাধীনতা দিৱস ।

পুৱাৰে পৰা অহা প্ৰবল বৰষুণৰ মাজতে নিৰ্দিষ্ট সময়তে ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । পতাকা উত্তোলন কৰি দিয়া ভাষণত মন্ত্ৰী কেশৱ মহন্তই চৰকাৰৰ উন্নয়নমূলক কামৰ খতিয়ান দাঙি কৰে । সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি উদযাপন কৰা হয় দেশৰ এই 75 সংখ্যক স্বাধীনতা দিৱস । এই অনুষ্ঠানতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাজ্যত ক'ভিড সংক্ৰমণ হ্ৰাস পোৱা বুলিও প্ৰকাশ কৰে ৷

নগাঁৱত উদযাপন স্বাধীনতা দিৱস

লগতে পঢ়ক: পথৰুঘাটৰ ৰণে ৰিঙিয়াই...

যিহেতু ৰাজ্যত ক’ভিড পৰিস্থিতি হ্ৰাস পাইছে, সেয়ে নতুন SOP অৰ্থাৎ নতুন নীতি-নিৰ্দেশনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত ল'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । বিদ্যালয়ৰ পাঠদান আৰম্ভ হোৱা সন্দৰ্ভতো মন্তব্য কৰে কৰে মন্ত্ৰী কেশৱ মহন্তই । ছেপ্তেম্বৰ মাহত বিদ্যালয়ৰ পাঠদান আৰম্ভ কৰাক লৈ বিবেচনা কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷

লগতে পঢ়ক: স্বাধীনতা দিৱস উপলক্ষে টীয়কত ক’ভিড যোদ্ধাক সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.