নগাঁও, 23 জুন: নদীবান্ধৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন জাতীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পিছতো বিজেপি শাসিত চৰকাৰে বন্ধ কৰা নাই বৃহৎ নদীবান্ধৰ কাম । নদীবান্ধৰ বাবে ৰাজ্যবাসী জটিল সমস্যাৰ সন্মুখীন হ'ব বুলি বিভিন্ন মহলে আশংকা কৰি থকাৰ সময়তে নদীবান্ধৰ ভয়াৱহতা উপলব্ধি কৰিলে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইয়ে ।
শেহতীয়াকৈ নদীবান্ধৰ বিৰুদ্ধে যেন সৰৱ হৈ পৰিছে প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতাগৰাকী (BJP leader Rajen Gohain speaks out against dams) । নদীবান্ধৰ বাবেই নগাঁৱত জলপ্ৰলয়ৰ সৃষ্টি হোৱা বুলি বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে নেতাগৰাকীয়ে । লগতে নদীবান্ধ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি ইয়াক নিয়ন্ত্ৰণ কৰিবলৈও চৰকাৰক আহ্বান জনায় ৰাজেন গোহাঁইয়ে ।
আনহাতে, বানত ক্ষতিগ্ৰস্ত ৰাইজক পৰ্যাপ্ত ক্ষতিপূৰণ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনায় ৰাজেন গোঁহাইয়ে ৷ লগতে বানয়ে এইবাৰ নগাঁৱৰ ৰাইজৰ ব্যাপক ক্ষতি কৰিলে (Flood in Nagaon) বুলি মন্তব্য কৰি নেতাগৰাকীৰ কৃষিপামখনো এইবাৰ বানত শেষ হ'ল বুলি জানিব দিয়ে ৰাজেন গোঁহাইয়ে ।
উল্লেখ্য যে, কলং-কপিলীৰ বাঢ়নি পানীয়ে উফন্দাই পেলোৱা মৰিকলং বিলৰ পৰা তীব্ৰ গতিত পানী বাগৰাৰ ফলত নগাঁও চহৰৰ বিভিন্ন অঞ্চল জলমগ্ন হৈছে । বৰ্তমানেও নগাঁও চহৰৰ বানপৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে (Flood situation remains critical in Nagaon) ৷
লগতে পঢ়ক : শিক্ষামন্ত্ৰীৰ ঘোষণা: ২৫ জুনৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানত গৰমৰ বন্ধ