নগাঁও,২৭ জুলাই : সমগ্ৰ ৰাজ্যত বিগত কিছু দিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বান আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত বিনষ্ট হৈছে শাক পাচলিৰে উভয়নদী নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ শ শ হেক্টৰ কৃষি ভূমি। অতিৰিক্ত বৃষ্টিপাত তথা বাঢ়নী পানীত নিজৰ ফচল বুৰ যোৱাত মূৰে কপালে হাত দিব লগা হৈছে কৃষক সকলে। প্ৰধানকৈ ধিং আৰু বটদ্ৰৱা অঞ্চলত সৃষ্টি হৈছে এই পৰিস্থিতিৰ। এই সুযোগতে অসাধু ব্যৱসায়ীয়ে চৰা দামত বিক্ৰী কৰিছে শাক পাচলি। এতিয়ালৈকে সৰ্বস্বান্ত কৃষকসকলৰ খবৰ লবলৈ আহৰি পোৱা নাই কৃষি বিভাগে। পাচলিৰ বজাৰ মূল্য আকাশলংঘী হোৱাৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ বিয়াগোম যোগান বিভাগ।
বাঢ়নী পানীয়ে নষ্ট কৰিছে খেতি: সমস্যাত কৃষক - flood
কৃটিম বান আৰু অতিৰিক্ত বৰষুণে পশ্চিম নগাঁৱত বিনষ্ট কৰিছে শ শ বিঘা শাক পাচলি খেতি। মূৰে কপালে হাত দিছে অসহায় কৃষকে। পাচলিৰ বজাৰত জুই চাই দাম ।
নগাঁও,২৭ জুলাই : সমগ্ৰ ৰাজ্যত বিগত কিছু দিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বান আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত বিনষ্ট হৈছে শাক পাচলিৰে উভয়নদী নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ শ শ হেক্টৰ কৃষি ভূমি। অতিৰিক্ত বৃষ্টিপাত তথা বাঢ়নী পানীত নিজৰ ফচল বুৰ যোৱাত মূৰে কপালে হাত দিব লগা হৈছে কৃষক সকলে। প্ৰধানকৈ ধিং আৰু বটদ্ৰৱা অঞ্চলত সৃষ্টি হৈছে এই পৰিস্থিতিৰ। এই সুযোগতে অসাধু ব্যৱসায়ীয়ে চৰা দামত বিক্ৰী কৰিছে শাক পাচলি। এতিয়ালৈকে সৰ্বস্বান্ত কৃষকসকলৰ খবৰ লবলৈ আহৰি পোৱা নাই কৃষি বিভাগে। পাচলিৰ বজাৰ মূল্য আকাশলংঘী হোৱাৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ বিয়াগোম যোগান বিভাগ।
Body:সমগ্র ৰাজ্যতে বিগত কিছুদিনধৰৈ হৈ থকা নেৰানেপেৰা বৰষুনৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বান আৰু ব্হ্মপুত্ৰৰ বাঢ়নীপানীত বিনষ্ট হৈছে শাক পাচলিৰে উভয়নদী হৈ থকা নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ শ শ হেক্টৰ কৃষি ভূমি। অতিৰিক্ত বৃষ্টিপাত আৰু বক্ষপুত্ৰৰ বাঢ়নীপানীত লহপহকৈ বাঢ়ি অহা ফচল বুৰ যোৱাত মূৰে কপালে হাত দিবলগা হৈছে অক্লান্ত সৈনিকৰ দৰে নিজৰ খেতিক লৈ ভবিষ্যতৰ সপোন পতা দূৰ্ভগীয়া কৃষক সকলে ৷ কৃষী প্ৰধান অঞ্চল ধিং আৰু বটদ্ৰৱাত শাক পাচলি উৎপাদনত আগ স্হান আছে যদিও বান আৰু বৰষুণে নিঃশেষ কৰি পেলাইছে পথাৰ উপচা শাক-পাচলি । লাউ, জিকা ভূল ,তুৰৈ , পটল, বেঙেনাকে ধৰি বিনষ্ট হোৱা কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । এই সুযোগতে অসাধু ব্যৱসায়ীয়ে চৰা দামত বিক্ৰী কৰিছে শাক পাচলি । বানত সৰ্বস্বান্ত হোৱা কৃষক সকলৰ খবৰ লবলৈ আহৰি নাই কৃষি বিভাগৰ । পাচলি বজাৰ মূল্য আকাশলংঘী হোৱাৰ পিছতো কুম্ভ কৰ্ণ নিদ্রাত বিয়াগোম যোগান বিভাগ । যাৰ বাবেই সৰ্বসাধাৰণ ৰাইজে ত্ৰাহী মধুসূদন সোৱৰিছে । উল্লেখ্য যে নগাওঁ জিলাৰ পশ্চিমাঞ্চলত কৃষক সকলে উৎপাদিত শাক পাচলি অসমৰ ভিন্ন প্রান্তৰ লগতে বহি ৰাজ্যতো বিক্ৰী কৰি আহিছে । _________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion: