নগাঁও, 13 অক্টোবৰ: ৰাজ্যৰ শাসনৰ গাদী দখল কৰিয়েই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণৰ আশ্বাস প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM against corruption)। কিন্তু খোদ বিজেপিৰ নেতৃত্বতেই গঠিত নগাঁও জিলা পৰিষদত সম্প্ৰতি দুৰ্নীতি, অনিয়মৰ অভিযোগক কেন্দ্ৰ কৰিয়েই সৃষ্টি হৈছে এক অৰাজক পৰিস্থিতিৰ । নগাঁও জিলা পৰিষদৰ সভানেত্ৰীগৰাকীয়ে শেহতীয়াকৈ আৰম্ভ কৰা মইমতালিত অতিষ্ঠ হৈ পৰিছে জিলা পৰিষদৰ একাংশ সদস্য ।
জিলাখনৰ গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ বাবে আৱণ্টিত পুঁজি ব্যৱহাৰত সীমাহীন দুৰ্নীতিত লিপ্ত হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে সভানেত্ৰীৰ বিৰুদ্ধে (Nagaon Zela parishad Committee) । দায়িত্বগ্ৰহণৰ পিছৰ পৰাই সভানেত্ৰীগৰাকীয়ে নিজ ইচ্ছামতে পুঁজি বিতৰণ কৰি ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে ।
আনকি বিগত দুটা বছৰে পুঁজি বিতৰণ নকৰাৰো অভিযোগ উত্থাপন হৈছে সভানেত্ৰীৰ বিৰুদ্ধে (Allegation against Nagaon ZPC) । কিন্তু এইক্ষেত্ৰত সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰি আহিছে জিলা পৰিষদৰ বিষয়াও । কেৱল এয়াই নহয় জিলা পৰিষদৰ পুঁজিৰ হিচাপ বিচৰা সদস্যসকল সভানেত্ৰীৰ ভাবুকিৰ সন্মুখীন হোৱাৰো অভিযোগ উত্থাপন হৈছে ।
উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে এইগৰাকী সভানেত্ৰীৰ বিৰুদ্ধে অধিকাংশ সদস্যই অনাস্থা প্ৰস্তাৱ দাখিল কৰিছিল যদিও, পৰৱৰ্তী সময়ত পুনৰ সভানেত্ৰীৰ আসন দখল কৰিবলৈ সক্ষম হৈছিল এইগৰাকী সভানেত্ৰী । এতিয়া প্ৰশ্ন হয় ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত হোৱাৰ অভিযোগক লৈ অৰাজক পৰিস্থিতিৰ সৃষ্টি হোৱা নগাঁও জিলা পৰিষদ হ'ব নে কোনো তদন্ত ? নে এনেদৰেই সভানেত্ৰীৰ খেয়াল খুচি মতেই চলি থাকিব নগাঁও জিলা পৰিষদ ?
লগতে পঢ়ক: Goalpara Municipality Scam: গোৱালপাৰা পৌৰসভাত বিয়াগোম কেলেংকাৰী