ETV Bharat / city

মন্দিৰৰ চৌহদত একেলগে ভাগৱত আৰু কোৰাণ পাঠ

author img

By

Published : May 10, 2022, 9:38 PM IST

বাবা লোকনাথ বৈদিক বিকাশ জনকল্যাণ ন্যাসৰ উদ্যোগত শান্তি কামনাৰে ব্যতিক্ৰমী প্ৰয়াস । নগাঁৱৰ সামাদ্দাৰ পট্টিৰ বাবা লোকনাথ মন্দিৰ প্ৰাংগনত সমাজৰ শান্তি আৰু কল্যাণ কামনাৰে আয়োজন কৰা হ’ল সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা (All religious prayer meeting in Nagaon)। মন্দিৰৰ প্ৰাংগনতে কৰা হ’ল কোৰাণ, ভাগৱত পাঠ ।

All religious prayer meeting in Nagaon
All religious prayer meeting in Nagaon

নগাঁও, 10 মে’: একেখন ছালিৰ তলত ভাগৱত, কোৰাণ আৰু বাইবেল পাঠ৷ সমন্বয়ৰ বাৰ্তা কঢ়িয়াইছে নগাঁৱৰ বাবা লোকনাথ বৈদিক বিকাশ জনকল্যাণ ন্যাসে ৷ নগাঁও চহৰৰ দক্ষিণ হয়বৰগাঁৱৰ ৬ নং সামাদ্দাৰ পট্টিত থকা বাবা লোকনাথ বৈদিক বিকাশ জনকল্যাণ ন্যাসৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা হয় এখন সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰ (All religious prayer meeting in Nagaon)৷

মঙলবাৰে পুৱা এই অনুষ্ঠানটো কুশল চন্দ্ৰ বৰাৰ দ্বাৰা নামঘোষা পাঠৰ জৰিয়তে শুভাৰম্ভণি কৰা হয় ৷ ইয়াৰ পাচতে শিখ ধৰ্মীয় গীত, বাইবেল পাঠ, কোৰাণ পাঠ অনুষ্ঠিত হয় প্ৰাৰ্থনা সভাখনত ৷ ইয়াৰোপৰি বিহাৰী সম্প্ৰদায়ৰ ভজন কীৰ্তন, বঙালী সম্প্ৰদায়ৰ কীৰ্তন ভাগৱত পাঠ, বৰগীত, হনুমান চালিছা পাঠ আৰু দিহানামো পৰিবেশন কৰা হয় এই অনুষ্ঠানত ৷

মন্দিৰৰ চৌহদত একেলগে ভাগৱত আৰু কোৰাণ পাঠ

উক্ত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাখনৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা (MLA Rupak Sarma in prayer meeting)৷ লগতে বিশিষ্ট অতিথি হিচাপে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

সমাজৰ শান্তি আৰু কল্যাণ কামনাৰে আয়োজন কৰা উক্ত সভাত সকলো ধৰ্মাৱলম্বী ভক্তপ্ৰাণ ৰাইজে অংশ গ্ৰহণ কৰি অনুষ্ঠানটো সাফল্য মণ্ডিত কৰি তোলে ৷ দুলাল কৃষ্ণ পাল, আবুল হুছেইন, বেদান্ত হাজৰিকা, জগদীশ শইকীয়া, মজাৰুল হক, হিল্লোল লস্কৰ, সন্দীপ সিং, কালিপদা কৰ্মকাৰ, অজয় সৰকাৰৰে গঠিত উপদেষ্টা কমিটীৰ এনে ব্যতিক্ৰমী পদক্ষেপে নগঞা ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷

উল্লেখযোগ্য যে, ২০১৯ চনৰ মে’ মাহৰ পৰাই এনে এক ব্যতিক্ৰমী কাৰ্যসূচী হাতত লৈছিল যদিও ক'ভিড সৃষ্ট পৰিবেশৰ বাবে বিগত দুটা বছৰে এই সৰ্বধৰ্মীয় প্ৰাৰ্থনা আয়োজন কৰিব পৰা নাছিল উদ্যোক্তাই ৷ দুটা বছৰৰ অন্তত পুনৰ আয়োজন কৰা এনে অনুষ্ঠানে সমাজত ভাতৃত্ববোধৰ এক নিদৰ্শন দাঙি ধৰিছে ৷

লগতে পঢ়ক : চামগুৰিত ফুটগধূলিতে ডকাইতৰ গুলীত আহত গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.