ETV Bharat / city

চাইবাৰ অপৰাধীক গৰুৰ পঘাৰে বান্ধিলে অসম আৰক্ষীয়ে ! - ETV BHARAT

পেটিএমৰ জৰিয়তে ধন লুট কৰাৰ সন্দেহত আৰ্শিষ বৰদলৈ নামৰ এজন যুৱকক নগাঁৱৰ ননৈ আৰক্ষীয়ে আটক কৰি নিয়ে । পুৱা স্থানীয় ৰাইজে চোৰৰ সন্দেহত তেওঁক আটক কৰি গৰুৰ পঘাৰে বান্ধি থোৱাৰ পাছত হেণ্ডকাফ লৈ নহাৰ বাবে আৰক্ষীয়েও গৰুৰ এৰালেৰেই চোৰটোক বান্ধি লৈ যায় ।

নগাঁও জিলাত চাইবাৰ অপৰাধী
author img

By

Published : May 19, 2019, 2:42 PM IST

বঢ়মপুৰ, ১৯ মে': নগাঁও জিলাৰ ননৈ উপ আৰক্ষী চকীৰ অন্তগৰ্ত মিকিৰপাৰ উৰিয়াগাঁৱত এক অপৰাধীক গৰুৰ এৰালেৰে বান্ধি নিয়াৰ দৰে ঘটনা সংঘটিত হৈছে । দেওবাৰে পুৱা স্থানীয় ৰাইজে চোৰৰ সন্দেহত আৰ্শিষ বৰদলৈ নামৰ এজন যুৱকক আটক কৰি গৰুৰ এৰালৰে বান্ধি থৈ আৰক্ষীক খবৰ দিছিল । ধৃত চোৰটোৱে গ্ৰাহকৰ একাউন্টৰ পৰা পেটিএমৰ জৰিয়তে ধন লুট কৰিছিল বুলি জানিব পৰা গৈছে । চোৰটো আটক কৰিবলৈ আহি আৰক্ষীয়ে হেণ্ডকাফ লৈ নহাৰ বাবে গৰুৰ এৰালেৰে বান্ধি লৈ যায় থানালৈ । সমগ্ৰ ঘটনাৰ প্ৰতক্ষ্যদৰ্শী হৈ ৰয় মিকিৰপাৰ উৰিয়াগাঁৱৰ লোকসকল ৷

চাইবাৰ অপৰাধীক গৰুৰ পঘাৰে বান্ধিলে অসম আৰক্ষীয়ে

উল্লেখ্য যে, ননৈৰ ভূপেন শইকীয়া নামৰ লোকজনৰ একাউণ্টৰ পৰা পেটিএমৰ জৰিয়তে এক লাখ টকা লুট কৰাৰ অভিযোগ উত্থাপন হৈছে ধৃত আৰ্শিষৰ বিৰুদ্ধে । স্থানীয় ৰাইজে আৰ্শিষক গোপন খবৰৰ ভিত্তিত আটক কৰি আৰক্ষীক গতাই দিয়ে ৷

Intro:অসমৰ স্মাৰ্ট আৰক্ষীৰ নমুনা, গৰুৰ এৰালেৰে বান্ধি অপৰাধীক নিলে থানালৈ ৷

Anchor=পুনৰ উন্মোচিত হ'ল অসমৰ স্মাৰ্ট আৰক্ষীৰ ফোপোলা স্বৰূপটো, গৰুৰ এৰালেৰে বান্ধি অপৰাধীক নিলে থানালৈ ৷ হয়, এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ ননৈ উপ আৰক্ষী চকীৰ অন্তগৰ্ত মিকিৰপাৰ উৰিয়াগাঁৱত ৷ পুৱা স্থানীয় ৰাইজে চোৰৰ সন্দেহত আৰ্শিষ বৰদলৈ নামৰ এজন যুৱকক আটক কৰি গৰুৰ এৰালৰে বান্ধি থৈ আৰক্ষীক খবৰ দিছিল । ধৃত চোৰটোও সাধাৰন চোৰ নহয় গ্ৰাহকৰ একাউন্টৰ পৰা পে টি এমৰ জৰিয়তে ধন লুট কৰা গভাইত হেকাৰ চোৰ ৷ চোৰটো নিবলৈ ননৈ আৰক্ষী খালি হাতে আহি উপস্থিত হ'ল ঘটনাস্থলীত, আৰক্ষীৰ হাতত নাই হেণ্ডকাপ গতিকে ৰাইজে বান্ধি থোৱা গৰুৰ এৰাল ডালে চোৰৰ হাতত বান্ধি লৈ নিলে থানালৈ ৷ সমগ্ৰ ঘটনাৰ প্ৰতক্ষ্যদৰ্শী হৈ ৰ'ল সাধাৰণ জনতা ৷ ননৈৰ ভূপেন শইকীয়া নামৰ লোকজনৰ একাউণ্টৰ পৰা পে টি এমৰ জৰিয়তে এক লাখ লুট কৰাৰ অভিযোগ ধৃত আৰ্শিষৰ বিৰুদ্ধে । স্থানীয় ৰাইজে হেকাৰ আৰ্শিষক গোপন খৱৰৰ ভিত্তিত আটক কৰি আৰক্ষীক গতাই দিয়ে ৷ সমগ্ৰ ঘটনাই বৰ্তমান ননৈ অঞ্চলত এক উত্তেজনাৰ সৃষ্টি কৰিছে ৷

Byte=ভূপেন শইকীয়া ,স্থানীয় লোক ।

Body: V/o=ভূপেন শইকীয়াৰ ভাগিনৰ লগত আশীষ বৰদলৈ নলেগলে লগা বন্ধু । এই যুৱক জনৰ লগত আৰু কোন কোন জড়িত হৈ আছে, সেইয়া আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব ।

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.