ETV Bharat / city

নগাঁৱত চিকিৎসকৰ ৰূপত 108 ৰ কৰ্মচাৰী - বঢ়মপুৰ

ক'ভিডৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজি চিকিৎসকসকলে জনসাধাৰণৰ জীৱন ৰক্ষা কৰি অহাৰ মাজতে ৰাজ্যত ইজনৰ পাছত সিজন ভুৱা চিকিৎসক পৰিছে আৰক্ষীৰ জালত ৷ এইবাৰ চামগুৰি আৰক্ষী আৰু শালনা আৰক্ষীৰ যুটীয়া অভিযানত ধৰা পৰিল আন এজন ভুৱা চিকিৎসক ৷

108 employees as doctors in Nagaon District
নগাঁৱত চিকিৎসকৰ ৰূপত108 ৰ কৰ্মচাৰী
author img

By

Published : Jul 4, 2021, 7:46 AM IST

বঢ়মপুৰ, 4 জুলাই : মহামাৰী ক'ভিডৰ ভয়াৱহতাৰ সময়তে এখন এম্বুলেঞ্চৰ বাবে ৰাইজে হাহাকাৰ কৰিবলগা হৈছে ৷ তেনে সময়তে নগাঁও জিলাৰ কঠিয়াতলী চিকিৎসালয়ৰ এগৰাকী 108 ৰ কৰ্মচাৰীয়ে নিজৰ খেয়ালখুচি মতে চলাই গৈছে ভুৱা চিকিৎসা ৷ চৰকাৰে চিকিৎসা সেৱাৰ সহায়ক হোৱাৰ উদ্দেশ্যে ব্যৱস্থা কৰিছে 108 এম্বুলেঞ্চৰ ৷ কিন্তু চৰকাৰে যোগান ধৰা সেই এম্বুলেঞ্চ ব্যৱহাৰ কৰিয়ে এজন 108 ৰ কৰ্মচাৰীয়ে লুটি আছে লাখ লাখ টকা ৷

উক্ত চিকিৎসালয়খনৰ দ্বিতীয় মহলত আয়ুৰ্বেদিক চিকিৎসা চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী 108 কৰ্মচাৰীৰ বিৰুদ্ধে । ভুৱা চিকিৎসকগৰাকীৰ নাম হৈছে এন এন জামান ৷ IMC আৰু MLM কোম্পানীৰ নাম লৈ 108 ৰ কৰ্মচাৰী এন এন জামানে আয়ুৰ্বেদিক চিকিৎসাৰ নামত ৰাইজক দি আহিছে ৰামঠগন ৷ প্ৰতিগৰাকী ৰোগীক ব’ডী এনালাইজাৰ মেচিনেৰে পৰীক্ষা কৰাৰ নামত 200-300 পৰ্যন্ত ধন লোৱা বুলি অভিযোগ উত্থাপন হৈছে জামানৰ বিৰুদ্ধে ৷

নগাঁৱত চিকিৎসকৰ ৰূপত108 ৰ কৰ্মচাৰী

ইয়াৰ উপৰিও ৰোগীসকলৰ পৰা 5000-10,000 হাজাৰ টকা ঔষধৰ বাবদ অনৈতিকভাৱে সংগ্ৰহ কৰি অহাৰ গুৰুতৰ অভিযোগ উঠিছে ৷ আনকি ৰোগীক চিকিৎসা কৰি প্ৰমাণ পত্ৰ দিয়াৰো অভিযোগ উঠিছে ব্যক্তিজনৰ বিৰুদ্ধে ৷ এতিয়া প্ৰশ্ন হয়, 108 এম্বুলেঞ্চ নিজস্ব মইমতালিৰে ব্যৱহাৰ কৰা এইগৰাকী ব্যক্তিৰ বিৰুদ্ধে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

উল্লেখ্য যে, ৰাজ্যত অব্যাহত থকা ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ আৰক্ষীৰ জালত পৰিছে কেইবাগৰাকীও ভুৱা চিকিৎসক ৷ বিগত 24 জুনত চামগুৰি আৰক্ষীৰ জালত পৰিছে সাধাৰণ ৰাইজৰ জীৱনৰে খেলা কৰা এজন ভুৱা চিকিৎসক ৷ সম্প্ৰতি চামগুৰি আৰক্ষী থানাৰ লক আপত আছে মুন্নাভাই এমবিবিএছৰূপী ভূৱা চিকিৎসক গৰাকী ৷

লগতে পঢ়ক- ছাত্ৰ-ছাত্ৰীৰ প্ৰতি আস্থা নাই চৰকাৰৰ: গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.