নগাঁও, 26 মে' : সম্প্ৰতি ক’ভিড-19 ৰ সংক্ৰমণ দিনক দিনে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূৱ ৰে’লৱেই গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত । উত্তৰ-পূৱ ৰে’লৱেই বাতিল কৰিছে দহখনকৈ যাত্ৰীবাহী ৰে’লৰ চলাচল । বুধবাৰে লামডিঙ ৰে’লৱে মাণ্ডলিক কাৰ্যালয়ত জেষ্ঠ বাণিজ্যিক প্ৰৱন্ধক অশোক কুমাৰ দে'য়ে এক সংবাদ মেলৰ আয়োজন কৰি ঘোষণা কৰে ৰে’ল বাতিলৰ সিদ্ধান্ত ।
লামডিঙৰ ৰে’লৱে জেষ্ঠ বাণেজ্যিক প্ৰৱন্ধক গৰাকীয়ে সংবাদমেলৰ জৰিয়তে ৰে’লৱে জাৰি কৰা নিৰ্দেশনা অনুসৰি মতে ত্ৰিপুৰাত চলাচল কৰা মুঠ ১০ খন যাত্ৰীবাহী ৰে’ল চলাচল বাতিল কৰিছে । বাতিল কৰা ৰে’লসমূহ হৈছে উজনিমুৱা নামনিমুৱা ০৭৬৮২/০৭৬৮১ আগৰতলা-চাবৰোম-আগৰতলা, উজনি নামনি ০৭৬৮৪/০৭৬৮৩, আগৰতলা-চাবৰোম-আগৰতলা, উজনি নামনি ০৭৬৯০/০৭৬৮৯ আগৰতলা-চাবৰোম-আগৰতলা, ০৫৬৭৬/৭৫ ধৰ্মনগৰ-আগৰতলা, ০৭৬৮০/৭৯ ধৰ্মনগৰ-আগৰতলা-ধৰ্মনগৰ ।
আগন্তুক ৬ জুনলৈকে ৰে’ল বিভাগে ত্ৰিপুৰা ৰাজ্য চৰকাৰ অনুৰোধ মৰ্মে বাতিল কৰিছে যাত্ৰীবাহী স্থানীয় ৰে’লসমূহ ৷ সমগ্ৰ ৰাজ্য খনত সান্ধ্য আইন তথা আন্তঃজিলা যাতায়ত বন্ধ কৰাৰ ফলত উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সংবাদমেলত উল্লেখ কৰে জ্যেষ্ঠ প্ৰৱন্ধকগৰাকীয়ে ৷
লগতে পঢ়ক : বান আৰু গৰাখহনীয়া বাবে আগতীয়াকৈ সাজু হৈছে জিলা প্ৰশাসন: ৰণোজ পেগু