ETV Bharat / city

টীয়কত বিদ্যুৎপৃষ্ঠ হৈ দুজন শ্ৰমিক গুৰুতৰভাৱে আহত - national highway

যোৰহাট জিলাৰ টীয়কত বিদ্যুৎপৃষ্ঠ হৈ দুই শ্ৰমিক আহত ৷ আহত দুই শ্ৰমিক ক্ৰমে দয়াল মুন্দ্ৰা আৰু আজাদ প্ৰাণ তাঁতী ৷ ৰাজ্যৰ শক্তি বিভাগ আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাতা সংন্থাৰ গাফিলতিৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি একাংশৰ অভিযোগ ৷

টীয়কত বিদ্যুৎপৃষ্ঠ হৈ দুজন শ্ৰমিক গুৰুতৰভাৱে আহত

author img

By

Published : May 21, 2021, 10:44 PM IST

টীয়ক,21 মে' : যোৰহাট জিলাৰ টীয়কত বিদ্যুৎপৃষ্ঠ হৈ দুই শ্ৰমিক আহত হোৱা বুলি জানিব পৰা গৈছে ৷ চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণত জড়িত নিৰ্মাণ সংস্থা আৰু বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে শুকুৰবাৰে বিদ্যুৎপৃষ্ঠ হৈ দুজন শ্ৰমিক গুৰুতৰভাৱে আহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । চাৰিলেনযুক্ত পথত দলং সম্প্ৰসাৰণ কৰিবলৈ টীয়কৰ জগদুৱাৰ দলঙৰ দাঁতিৰ এটা বৃহৎ অংশ খান্দি লৈছিল নিৰ্মাতা সন্থাই ।

কিন্তু পথৰ দাঁতিতে থকা ট্ৰেন্সফৰ্মাৰটোৰ সুৰক্ষাৰ ক্ষেত্ৰত শক্তি বিভাগেই হওঁক বা নিৰ্মাতা সন্থাই হওঁক কোনেও কানসাৰ নিদিয়াত এই ঘটনা সংঘটিত হয় ৷ কেইবাদিন ধৰি ৰাজ্যত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত উন্মুক্ত ট্ৰেন্সফৰ্মাৰটো নদীত বাগৰি পৰাৰ শংকা দেখি স্থানীয় একাংশ যুৱকৰ তৎপৰতাত ট্ৰেন্সফৰ্মাৰটো শুকুৰবাৰে পথৰ দাঁতিলৈ নিয়া হয় ৷

টীয়কত বিদ্যুৎপৃষ্ঠ হৈ দুজন শ্ৰমিক গুৰুতৰভাৱে আহত

কিন্তু শুকুৰবাৰে পুৱাই উক্ত স্থানত কাম কৰিবৰ বাবে নিৰ্মাতা সন্থাই শ্ৰমিক নিয়োগ কৰাত দুৰ্ভাগ্যজনকভাৱে দুই শ্ৰমিক ক্ৰমে দয়াল মুন্দ্ৰা আৰু আজাদ প্ৰাণ তাঁতী হঠাৎ বিদ্যুৎপৃষ্ঠ হৈ আঘাতপ্ৰাপ্ত হয় । আহত দুয়োকে ততাতৈয়াকৈ টীয়কৰ চিকিৎসালয়লৈ অনা হয় আৰু ইয়াৰে আজাত প্ৰাণে গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে, শক্তি বিভাগ আৰু নিৰ্মাতা সংন্থাৰ গাফিলতিৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি একাংশই অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়ক : নাহৰকটীয়াত ধোঁৱাচাঙত উঠিছে ক’ভিড প্ৰট'কল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.