টীয়ক, 25 মে': ক’ভিডৰ সংক্ৰমণে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । চৰকাৰে নিতৌ এই সংক্ৰমণ ৰোধৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । ৰাজ্য়জুৰি জাৰি কৰা হৈছে আংশিক লকডাউনৰ লগতে সান্ধ্য আইন ৷ ৰাজ্যৰ সমগ্ৰ জিলাৰ লগতে যোৰহাট জিলাতো কৰ’ণাৰ দ্বিতীয়টো ঢৌ'য়ে প্ৰভাৱিত কৰিছে ৷
মঙলবাৰৰ দিনটোত টীয়ক পৌৰসভাৰ কাৰ্যবাহী বিষয়া লীনা পাৱাৰৰ উদ্যোগত সমগ্ৰ নগৰখনতে ছেনিটাইজেশ্যন কাৰ্যসূচী গ্ৰহণ কৰা হয় । টীয়ক নগৰখনৰ জনবহুল অঞ্চল, দোকান, হাট-বজাৰ, চৰকাৰী বেচৰকাৰী কাৰ্যালয়, বেংক, এ টি ম তথা টীয়কৰ একমাত্ৰ চিকিৎসালয়খনৰ ভিতৰ বাহিৰ সকলো ছেনিটাইজ কৰি ক’ভিডৰ সংক্ৰমণ ৰুধিবলৈ চেষ্টা অব্যাহত ৰাখে পৌৰসভাই ।
লগতে প্ৰতিজন নগৰবাসীক চৰকাৰে ঘোষণা কৰা ক’ভিড নীতি নিয়ম অৱলম্বন কৰি সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনায় । উল্লেখযোগ্য যে এই সমগ্ৰ কাৰ্যসূচীত টীয়ক চাহ বাগিছাৰ ফালৰ পৰা পূৰ্ণ সহযোগিতা আগবঢ়াছে বুলি পৌৰসভাৰ কাৰ্যালয়ৰ ফালৰ পৰা জানিবলৈ দিছে ।
লগতে পঢ়ক : ৰঙিয়া বাক্সা সীমান্তৰ বৰখাটাত ভয়ংকৰ পথ দুৰ্ঘটনা