ETV Bharat / city

সংবাদমেল পাতি শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ কংগ্ৰেছ কৰ্মীৰ

author img

By

Published : Oct 30, 2020, 1:04 PM IST

টীয়কত কংগ্ৰেছত বিদ্ৰোহ ৷ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে সৰৱ কৰ্মী ৷ সংবাদ মেল পাতি উজাৰিলে ক্ষোভ ৷

সংবাদমেল পাতি শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ কংগ্ৰেছ কৰ্মীৰ
সংবাদমেল পাতি শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ কংগ্ৰেছ কৰ্মীৰ

টীয়ক, 30 অক্টোবৰ : যোৰহাট জিলাৰ টীয়কত কংগ্ৰেছ দলৰ আভ্যন্তৰীণ কন্দলে তোলপাৰ লগাইছে দলটোৰ সাধাৰণ কৰ্মী আৰু সমৰ্থকসকলৰ মাজত । দলটোৰ ৰূপক ৰঞ্জন শইকীয়া নামৰ প্ৰবীন কংগ্ৰেছ কৰ্মী এগৰাকীক দলীয় নীতি নিয়ম ভৰিৰে মোহাৰি দলৰ পৰা বহিস্কাৰ কৰা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে শইকীয়াৰ লগতে সমষ্টিটোৰ একাংশ কৰ্মী ।

সংবাদমেল পাতি শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ ৰঞ্জন শইকীয়াৰ

টীয়কৰ কাকজানত সংবাদমেল অনুষ্ঠিত কৰি ৰূপক ৰঞ্জন শইকীয়াই টীয়কত পৰিয়ালকেন্দ্ৰীক ৰাজনীতিৰ বাহক এগৰাকী যুৱনেত্ৰীক বিধায়ক হিচাপে প্ৰক্ষেপ কৰাৰ ষড়যন্ত্ৰত ব্যস্ত একাংশ তথাকথিত কংগ্ৰেছী নেতাই এইগৰাকী নেত্ৰীৰ মন্ত্ৰনাত দলৰ সংবিধান ভৰিৰে মোহাৰি কৰ্মীক দলৰ পৰা বহিস্কাৰ কৰাত উঠিপৰি লাগিছে বুলি অভিযোগ উত্থাপন কৰে ৷

যিসময়ত দলৰ এগৰাকী কৰ্মীক দলৰ পৰা বহিস্কাৰ কৰাৰ কৰ্তৃত্ব কেৱল প্ৰদেশ কংগ্ৰেছ অথবা নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ থাকে তেনেস্থলত টীয়কত এইগৰাকী যুৱনেত্ৰীৰ মন্ত্ৰনাত পৰিচালিত দিলীপ হাতীবৰুৱা নেতৃত্বাধীন মধ্য যোৰহাট ব্লক কংগ্ৰেছ সমিতিয়ে কেনেদৰে এগৰাকী দলৰ পদবীত থকা কৰ্মীক দলৰ পৰা বহিস্কাৰ কৰিব পাৰিলে বুলি সংবাদ মেলত প্ৰশ্ন উত্থাপন কৰে ।

ৰঞ্জন শইকীয়াৰ প্ৰতিক্ৰিয়া

দলৰ পৰা বহিস্কাৰ কৰা সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ পৰিৱৰ্তে এই পৰ্যন্ত কোনো আনুষ্ঠানিক পত্ৰ লাভ কৰা নাই বুলি উল্লেখ কৰি ৰূপক ৰঞ্জন শইকীয়াই কয় পৰিয়াল কেন্দ্ৰীক ৰাজনীতিৰ বিৰোধ কৰাৰ বাবে লোৱা স্থিতিৰ বাবেই ব্লক কংগ্ৰেছে তেওঁক নীতিবৰ্হিভূত ভাৱে বহিস্কাৰ কৰে । এই বহিস্কাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে তেওঁ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে । সংবাদমেলত কংগ্ৰেছ কৰ্মী কৃষ্ণ কমল বৰপাত্ৰ উপস্থিত থাকে ।

লগতে পঢ়ক : প্ৰাৰ্থীত্বৰ প্ৰত্যাশাৰে অগপ লৈ যাব পৰমানন্দ ৰাজবংশী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.