ETV Bharat / city

মূল্যবৃদ্ধি : চেঞ্চুৰীৰ দিশে পেট্ৰ’ল ডিজেলৰ মূল্য - Price Hike of petrol and diesel in majuli

দেশ তথা ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য ৷ যাৰ ফলত পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিছে সাধাৰণ ৰাইজৰ ৷ মাজুলীত পেট্ৰ’ল-ডিজেলৰ মূল্যই চুইছে গৈ শতকৰ ঘৰ ৷ যাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে মাজুলীবাসীয়ে ৷

price of petrol and diesel
চেঞ্চুৰী দিশে পেট্ৰ’ল ডিজেলৰ মূল্য
author img

By

Published : Aug 7, 2021, 3:23 PM IST

মাজুলী, 7 জুলাই : বজাৰত লাগিছে জুই ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক ৷ এই ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ এক অভিযোগ উত্থাপন হৈছে যোগান বিভাগৰ বিৰুদ্ধে ৷

ইফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে পেট্ৰ’ল-ডিজেলৰ অত্যাধিক মূল্য বৃদ্ধিয়ে কোঙা কৰি পেলাইছে সাধাৰণ জনতাক । চেঞ্চুৰীৰ দিশে গতি কৰিছে পেট্ৰ’ল-ডিজেল মূল্যই ৷ আজিৰ দিনত মাজুলীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মুল্য ৯৯.৮২ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৯১.২৪ টকা হৈছেগৈ ।

চেঞ্চুৰী দিশে পেট্ৰ’ল ডিজেলৰ মূল্য

এফালে ক'ৰণাৰ ত্ৰাস, আনফালে আংশিক লক ডাউন ৷ লক ডাউনত বিধস্ত হৈছে সৰ্ব-সাধাৰণ ৰাইজ ৷ বহু লোকে হেৰুৱাব লগাত পৰিছে নিজৰ কৰ্ম সংস্থাপনো ৷ বিপাঙত পৰিছে সাধাৰণ ৰাইজ ৷

লগতে পঢ়ক: শিৱসাগৰত মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ

ইয়াৰ লগতে এতিয়া আকৌ পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যই বাৰুকৈয়ে জলা-কলা খুৱাইছে সাধাৰণ ৰাইজক ৷ ইফালে মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিভিন্ন সময়ত বহু দল-সংগঠনেও প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে ৷ কিন্তু এই ক্ষেত্ৰত বিভাগীয় কতৃপক্ষৰ ফালাৰ পৰা ৰাজ্যবাসীয়ে নাপালে কোনো সদোত্তৰ ৷

মাজুলী ছাত্ৰ সন্থা তথা মাজুলীবাসীৰ দাবী, অতি শীৰ্ঘ্ৰেই ৰাজ্য চৰকাৰে ৰোধ কৰক মূল্যবৃদ্ধি ৷ নহ’লে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছাত্ৰ সন্থাই জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক: যোগানমন্ত্ৰী মুৰ্দাবাদ ধ্বনিৰে ৰাজপথত উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.