ETV Bharat / city

ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত ভাদমহীয়া পাল নামৰ আয়োজন

author img

By

Published : Aug 13, 2020, 10:22 AM IST

পুনৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত অনুষ্ঠিত হ'ব পালনাম ৷ ইতিমধ্যে জিলা প্ৰশাসনৰ সৈতে যোগাযোগ হোৱা বুলি জানিবলৈ দিছে পৰিচালনা সমিতিয়ে ।

Pal Naam Celebration At dhakiakhua bornamghar Jorhat
ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ভাদমহীয়া পালনামৰ আয়োজন

টীয়ক, 13 আগষ্টঃ সমগ্ৰ দেশৰ লগতে ৰাজ্যতো অব্যাহত আছে কৰ'ণা মহামাৰীৰ বাবে লক ডাউন ব্যৱস্থা ৷ ইতিমধ্যে কৰ'ণাৰ বাবে সকলো ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান উদযাপন কৰিবলৈ চৰকাৰ প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰিছে ৷ ইফালে চৰকাৰ প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা ৰাইজে সুন্দৰভাবে মানি চলি আহিছে ৷ ঠিক একেদৰে যোৰহাট জিলাৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰতো একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে ৷

উল্লেখ্য যে, পবিত্ৰ ভাদ মাহলৈ মাজত মাথো মাত্ৰ দুটা দিন বাকী । অসমৰ বিভিন্ন মঠ-মন্দিৰ সমূহ ভাদ মাহৰ প্ৰতিটো দিনতে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ থাকে । ব্যতিক্ৰম নহয় মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত যোৰহাট জিলাৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰ । বাকী মাহকেইটাৰ তুলনাত ভাদ মাহত বৰ নামঘৰত বৃদ্ধি পাই ভক্তৰ সমাগম ৷ কিয়নো 1528 চনৰ পৰাই সুদীৰ্ঘ কাল পালনাম ভাগ নিৰবিচ্চিন্নভাৱে উদযাপন কৰি আহিছে নামঘৰ পৰিচালনা সমিতিৰ লগতে ভকত-বৈষ্ণৱসকলে ৷

কিন্তু এইবাৰৰ পৰিৱেশ কিছু সুকীয়া । কৰ'ণা ভাইৰাছৰ দ্ৰুত সংক্ৰমণে সকলোকে আতংকিত কৰি ৰখাৰ মাজতে পবিত্ৰ ভাদ মাহলৈ আৰু মাজত মাথো দুটা দিন থকা অৱস্থাত ঐতিহাসিক পালনামৰ বাবে বৰ নামঘৰত নাই পূৰ্বৰ দৰে উৎসাহ-উদ্দীপনা । কেৱল মাত্ৰ আধ্যাত্মিক দিশ ৰক্ষা কৰি চৰকাৰী সকলো নীতি-নিৰ্দেশনাৰ মাজেৰে আয়োজনৰ প্ৰস্তুতি চলাইছে পৰিচালনা সমিতিয়ে । লগতে এই বৰ নামঘৰলৈ অহা ভক্তসকলৰ বাবে কেনেদৰে সেৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব এই লৈ অহা 17 আগষ্ট তাৰিখে জিলা প্ৰশাসনৰ লগত আলোচনাত মিলিত হ'ব বুলি জানিবলৈ দিছে পৰিচালনা সমিতিয়ে ।

লগতে পঢ়ক-নামৰূপৰ এপিএলৰ আৱাসিক অঞ্চলত পাইপযুক্ত ৰন্ধন গেছ প্ৰকল্পৰ শুভাৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.