ETV Bharat / city

আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা লোকৰ সংখ্যা বিচাৰি আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ জাননী - আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা লোক

আৰক্ষীৰ দ্বাৰা সংঘটিত হোৱা ভূৱা এনকাউণ্টাৰৰ (Encounter in Assam) অভিযোগ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ে জাৰি কৰিছে জাননী ৷ ন্যায়ালয়ত শুনানীৰ দিন চমু চাপি অহাৰ সময়তে আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ে অসমৰ প্ৰত্যেকখন থানালৈ জাৰি কৰিছে জাননী (Assam DGP office passed a notice) ৷

assam-dgp-office-passed-a-notice-to-submit-the-statistic-of-encounter-from-every-police-station
আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা লোকৰ সংখ্যা দাখিল কৰাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ জাননী
author img

By

Published : Jun 2, 2022, 9:26 PM IST

গুৱাহাটী, 2 জুন: অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ে জাৰি কৰিছে ৰাজ্যৰ আৰক্ষী থানাসমূহলৈ এক আভ্যন্তৰীণ জাননী (DGP office has suddenly issued an internal notice) । এই জাননীযোগে আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা লোকৰ সংখ্যা দাখিল কৰাৰ বাবে নিদেৰ্শনা দিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ে ।

উল্লেখ্য যে, ৰাজ্যত শেহতীয়াকৈ আৰক্ষীৰ দ্বাৰা সংঘটিত হোৱা ভূৱা এনকাউণ্টাৰৰ (Encounter in Assam) অভিযোগ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত বিগত ফেব্ৰুৱাৰীত গ্ৰহণ কৰা শুনানীত ন্যায়ালয়ে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগলৈ এক জাননী জাৰি কৰিছিল ।

লগতে শুনানীত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ (Guwahati High Court Chief Justice) আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ (Justice Soumitra Saikia) দুজনীয়া বিচাৰপীঠে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগলৈ ( Assam Human Rights Commission) ভূৱা এনকাউণ্টাৰৰ অভিযোগ (FIR in fake encounter case) সন্দৰ্ভত চাৰি সপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰাৰ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক : জাভেদ আখটাৰ, বিশাল ভৰদ্বাজকে ধৰি সকলোৱে শেষ বিদায় জনালে কে কেক

কিন্তু দুমাহ উকলি যোৱাৰ পিছতো বিশেষকৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে এই সন্দৰ্ভত ন্যায়ালয়ত কোনো শপতনামা দাখিল কৰা নাই । উচ্চতম ন্যায়ালয়ৰ অধিবক্তা আৰিফ জৱাড্ডাৰে (Supreme Court lawyer Arif Jwadder)দাখিল কৰা ৮৬/২০২১ নম্বৰৰ পি আই এলখনত উল্লেখ কৰে যে 2021 চনৰ মে’ মাহৰ পৰা ৰাজ্যখনত এনে ধৰণৰ 80 টা ঘটনা সংঘটিত হৈছিল আৰু ইয়াৰ ফলত 28 জন লোকৰ মৃত্যু হৈছিল আৰু 48 জন আহত হৈছিল ।

জৱাড্ডাৰে ভুৱা এনকাউণ্টাৰ গোচৰত এজাহাৰ পঞ্জীয়ন আৰু কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই), এটা বিশেষ অনুসন্ধান দল (এছআইটি) বা আন এখন ৰাজ্যৰ আৰক্ষী দলৰ দ্বাৰা আদালতৰ তত্বাৱধানত এখন এজাহাৰ পঞ্জীয়নৰ বাবে উচ্চ ন্যায়ালয়ৰ পৰা নিৰ্দেশো বিচাৰিছিল । তেওঁ উচ্চ ন্যায়ালয়ৰ এজন বৰ্তমানৰ ন্যায়াধীশৰ দ্বাৰা এনকাউণ্টাৰ আৰু উপযুক্ত প্ৰমাণীকৰণৰ পিছত ভুক্তভোগীসকলৰ পৰিয়ালক আৰ্থিক ক্ষতিপূৰণৰ বাবে ন্যায়িক তদন্ত বিচাৰিছিল ।

এই আবেদনখনত ৰাজ্য চৰকাৰ, অসম আৰক্ষী, আইন আৰু ন্যায় বিভাগ, এন এইচ আৰ চি আৰু অসম মানৱ অধিকাৰ আয়োগক উত্তৰদাতা হিচাপে নামাকৰণ কৰা হৈছিল । বিগত বছৰৰ জুলাইত, জৱাড্ডাৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ (এনএইচআৰচি) ওচৰত এনে ঘটনাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল ।

উল্লেখ্য যে, 7 জুনত এই গোচৰৰ ন্যায়ালয়ত শুনানী দিন ধাৰ্য কৰা হৈছে । যাৰ বাবে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ে হঠাৎ ৰাজ্যৰ আৰক্ষী থানাসমূহলৈ এক আভ্যন্তৰীণ জাননী জাৰি কৰি আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা লোকৰ সংখ্যা বিচাৰিছে ।

লগতে পঢ়ক : Assam cabinet expansion: অপসাৰিত হ’ব পাৰে সঞ্জয় কিষাণ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.