ETV Bharat / city

ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণে জীয়াতু ভুগাইছে ৰাইজক - ETV BHARAT

টীয়কত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ ক্ৰুটিপুৰ্ণ কামে অসন্তুষ্ট কৰি তুলিছে স্থানীয় ৰাইজক । কামৰ সঠিক অগ্ৰগতি নোহোৱাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ক্ষিপ্ৰতাৰে কাম কৰাৰ নিৰ্দেশ দিছে । ক্ৰটিপূৰ্ণ নিৰ্মাণৰ ফলত আৱাসীসকলৰ ঘৰ - বাৰীতো সুমাইছে পানী ।

টীয়কত জীয়াতু ভুগিছে ৰাইজে
author img

By

Published : May 5, 2019, 12:04 PM IST

টীয়ক, ৫ মে': টীয়কত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ ক্ৰুটিপুৰ্ণ কামে জীয়াতু ভোগাইছে অঞ্চলটোৰ আৱাসীসকলক । শনিবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে চাৰিলেণ্ডযুক্ত পথ সম্প্ৰসাৰণৰ কাৰ্যৰ পৰ্যবেক্ষণ কৰি অগ্ৰগতি নোহোৱাত অসন্তুষ্টি প্ৰকাশ কৰে । ইয়াৰ পাছতে মুখ্যমন্ত্ৰী গৰাকীয়ে অতি ক্ষিপ্ৰতাৰে নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবলৈ দায়িত্ব অৰ্পন কৰে কোম্পানীক । ৰাইজে অভিযোগ কৰা মতে, চাৰিলেণ্ডযুক্ত পথৰ কাষৰ নলা - নৰ্দমাসমূহ বিজ্ঞানসন্মত নোহোৱাৰ ফলত নলাবোৰেদি পানী যোৱাৰ পৰিৱৰ্তে আৱাসীৰ ঘৰ - বাৰীত সুমাইছে ।

টীয়কত জীয়াতু ভুগিছে ৰাইজে

নলাসমূহ নিৰ্মাণ কৰা সময়ৰ পৰাই সচেতন ৰাইজে উৰ্ধতন কৰ্তৃপক্ষক ক্ৰটিপূৰ্ণ নিৰ্মাণৰ কথা দৃষ্টিগোচৰ কৰি আহিছিল যদিও ৰাইজৰ দাবী আওকাণ কৰা হয় । বৰ্তমান আৱাসিকসকলে জিডিছিএল নামৰ কোম্পানীটোৰ চৰম দায়িত্ব - জ্ঞানহীনতাৰ বাবে ভোগ কৰিব লগা হৈছে যান্ত্ৰনা । সেয়ে ৰাইজে এই নিৰ্মাণকাৰ্যৰ পুনৰ পৰ্যবেক্ষণ কৰি পথৰ কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বে নলা নৰ্দমাৰ সঠিক জোখমাখ কৰি নিৰ্মাণ কৰিবলৈ দাবী জনাইছে । অন্যথা গণতান্ত্ৰিক আন্দোলনৰো হুংকাৰ দিছে আৱাসিকসকলে ।

Intro:Body:টীয়কত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ ক্ৰুটিপুৰ্ণ কামে জীয়াতু ভোগাইছে আৱাসিক সকলক
TEOK:কালি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে চাৰিলেণ্ডযুক্ত পথ সম্প্ৰসাৰণৰ কামৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰি অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে অতি ক্ষিপ্ৰতাৰে নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত সকলো কাম সম্পূৰ্ণ কৰিবলৈ দায়িত্বত থকা কোম্পানীক নিৰ্দেশ দিয়ে যদিও কিমান সফলতাৰে এই প্ৰকল্পটো সম্পুৰ্ণ হ'ব সেয়া সময়তহে লক্ষ্যণীয় হ'ব।ৰাইজৰ অভিযোগ মতে চাৰিলেণ্ডৰ কাষত যিবোৰ নলা নৰ্দমা নিৰ্মাণ কৰা হৈছে সেয়া বিজ্ঞানসন্মত নহয়, সেইবোৰে পানী যোৱাটো দূৰৰে কথা বৰঞ্চ পানী পথৰ দাঁতিত থকা আবাসিকৰ ঘৰ বাৰীত সুমুৱাৰহে উপক্ৰম ঘটিছে।নলাসমূহ নিৰ্মাণ কৰা সময়ৰ পৰাই সচেতন ৰাইজে উৰ্ধতম কৰ্তৃপক্ষক ক্ৰটিপূৰ্ণভাৱে নিৰ্মাণ কৰিবলৈ লোৱা কামটো দৃষ্টিগোচৰ কৰাইছিল যদিও ৰাইজৰ দাবী আওকাণ কৰি নিৰ্মাণৰ কাম প্ৰায়ে সম্পূৰ্ণ কৰিলে যাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ আৱাসিক সকলে জি ডি ছি এল নামৰ এই কোম্পানীৰ চৰম দায়িত্ব জ্ঞানহীনতাৰ বাবে বাৰিষা ভোগ কৰিব লগা হৈছে যান্ত্ৰনা।লগতে নলাসমূহৰ ওপৰত ব্যৱহৃত স্লেপবোৰে গধুৰ যান বাহন পাৰ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে।সেয়ে ৰাইজে এই বিষয়টো পুনৰ শুদ্ধকৈ পৰ্যবেক্ষণ কৰি পথৰ কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বে নলা নৰ্দমাৰ সঠিক জোখমাখ কৰি নিৰ্মাণ কৰিবলৈ দাবী জনাইছে।অন্যথা গণতান্ত্ৰিক আন্দোলন গঢ়াৰ হুংকাৰ দিছে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.