ETV Bharat / city

যোৰহাটত দিব্যাংগসকলৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মেলা

author img

By

Published : Apr 5, 2022, 9:08 PM IST

মঙলবাৰে ‘Special Olympic Bharat Assam’ ৰ সহযোগত ৰাজ্যৰ সমাজ কল্যাণ আৰু স্বাস্থ্য বিভাগে যোৰহাটত দিব্যাংগসকলৰ বাবে অনুষ্ঠিত কৰে ৰাষ্ট্ৰীয় স্বাস্থ্য মেলা (National Health Fest for Divyangjan ) ৷ এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগ ৷

National Health Fair for Divyangs held in Jorhat
যোৰহাটত দিব্যাংগসকলৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মেলা

যোৰহাট, 5 এপ্ৰিল : মঙলবাৰে ‘Special Olympic Bharat Assam’ ৰ সহযোগত ৰাজ্যৰ সমাজ কল্যাণ আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত যোৰহাটত দিব্যাংগসকলৰ বাবে অনুষ্ঠিত হৈ যায় ৰাষ্ট্ৰীয় স্বাস্থ্য মেলা (National Health Fest for Divyangjan held in Jorhat ) ৷ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত এই মেলাত যোৰহাট, গোলাঘাট আৰু শিৱসাগৰ জিলাৰ তিনি শতাধিক বিশেষভাৱে সক্ষম ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

এই মেলাত উপস্থিত থকা বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ স্বাস্থ্যৰ পৰীক্ষাৰ লগতে পঞ্জীয়নৰ ব্যৱস্থা কৰা হয় । লগতে এই মেলাৰ জৰিয়তে এইসকল লোকক বিশেষ ডিজিটেল কাৰ্ড প্ৰদানৰ ব্যৱস্থা কৰা হয় । মেলাত উপস্থিত থাকি বিভাগীয় মন্ত্ৰী অজন্তা নেওগে বিশেষভাৱে সক্ষম সকলো লোককে বিশেষ ডিজিটেল কাৰ্ড ল’বলৈ আহ্বান জনায় । মেলাৰ লগত সংগতি ৰাখি এটি সাংস্কৃতিক অনুষ্ঠানো আয়োজন কৰা হয় মেলাথলীত ৷

উল্লেখ্য যে, সাংস্কৃতিক অনুষ্ঠানটিৰ কাৰ্যসূচীত বহুকেইগৰাকী বিশেষভাৱে সক্ষম লোকে অনুষ্ঠান পৰিবেশন কৰে ৷

ইফালে ৰাজ্যত দিনক দিনে বৃদ্ধি পাই অহা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য সন্দৰ্ভত সাংবাদিকে মন্ত্ৰী গৰাকীক সোধা প্ৰশ্নৰ উত্তৰত ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধৰ বাবেই দেশৰ লগতে ৰাজ্যত মূল্যবৃদ্ধি হোৱা বুলি মন্তব্য আগবঢ়ায় মন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক : দেশত ধনী আৰু দুখীয়া মানুহৰ মাজত প্ৰভেদ বৃদ্ধি পাইছে: প্ৰবীণ তোগাড়িয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.