টীয়ক, 3 আগষ্ট : যোৰহাট জিলাৰ টীয়কৰ হাঁহচৰাত সন্ধ্যা গাড়ীৰ ভিতৰতে এজন যুৱকৰ মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত । জানিব পৰা মতে, হাঁহচৰা কোঁৱৰ শেনছোৱা গাঁৱৰ প্ৰণৱ বৰুৱাৰ পুত্ৰ উৎপল বৰুৱা (23) নামৰ যুৱকজন দেওবাৰে সন্ধিয়া বামুণপুখুৰীত এখন গাড়ীৰ ভিতৰতে ৰহস্যজনক ভাবে মৃত্যু ঘটে ।
সন্ধিয়া AS 03AA 8286 নম্বৰৰ চুইফট গাড়ীখনৰ ভিতৰত বামুণপুখুৰী তিনিআলিত উৎপল বৰুৱাক অচেতন অৱস্থাত একাংশ লোকে দেখা পাই আৰু সতীৰ্থ সকলক চিকিৎসকৰ ওচৰলৈ নিবলৈ পৰামৰ্শ দিয়ে । সতীৰ্থ সকলে যুৱক জনক টীয়ক এফ আৰ ইউ চিকিৎসালয়ত থৈ দুজন পলায়ন কৰে আৰু জান্তি শৰ্মা নামৰ গাড়ীৰ গৰাকীজন চিকিৎসালয়তে ৰৈ দিয়ে ৷ কিন্তু চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে ।
ইতিমধ্যে টীয়ক আৰক্ষীয়ে বামুণপুখুৰী কমাৰ গাঁৱৰ জগত শৰ্মাৰ পুত্ৰ জান্তি শৰ্মা নামৰ যুৱক জনক চুইফট গাড়ীখনৰ সৈতে আটক কৰি জান্তিক সোধ পোচ আৰম্ভ কৰিছে ৷ আৰক্ষীৰ জেৰাত যুৱক কেইজনে ড্ৰাগছ সেৱন কৰে বুলি স্বীকাৰ কৰে জান্তিয়ে । সম্প্ৰতি অত্যাধিক মাত্ৰাত ড্ৰাগছ সেৱনৰ ফলতেই যুৱকজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে ।
উল্লেখযোগ্য যে, মৃত উৎপলৰ শৰীৰৰ বিভিন্ন অংগত বেজীৰ খোচৰ চিহ্ন স্পষ্ট হৈ আছে । ঘটনাটো বিষয়ে খবৰ পাই উৎপলৰ পৰিয়ালৰ লোকৰ সমান্তৰালকৈ বৃহত্তৰ টীয়ক অঞ্চলৰ কেইবাটাও দল সংগঠনৰ প্ৰতিনিধি নিশাই টীয়ক আৰক্ষী থানাত উপস্থিত হৈ ড্ৰাগছ চক্ৰটো উৎখাত কৰিবলৈ দাবী জনাই লাচিত সেনা অসমৰ সেনাধ্যক্ষ অমৰ বৰুৱাই এখন এজাহাৰ দাখিল কৰে ।
পৰিতাপৰ কথা এই যে, কিছু দিন পূৰ্বেও টীয়ক আৰক্ষীয়ে ড্ৰাগছ চক্ৰৰ লগত জড়িত টীয়কৰ 4 জনকৈ যুৱকক আটক কৰিছিল যদিও পৰৱৰ্তী সময়ত ৰহস্যজনকভাৱে এৰি দিছিল ৷ সেয়ে আৰক্ষীৰ ভূমিকাৰ ওপৰতো এতিয়া সন্দেহ প্ৰকাশ কৰিছে একাংশ সচেতন ৰাইজে ৷ যাৰ ফলস্বৰূপে এই ঘটনাটো সংঘটিত হ'বলৈ পাইছে বুলি অভিযোগ উত্থাপিত হৈছে ।