ETV Bharat / city

ৰাজ্যত অব্য়াহত "বৰ্ধিত টীকাকৰণ প্ৰক্ৰিয়া"ৰ কাৰ্যসূচী - mass vaccination in dima hasau

ৰাজ্য়ত 21 জুনৰ পৰা আৰম্ভ হৈছে "বৰ্ধিত টীকাকৰণ প্ৰক্ৰিয়া" কাৰ্যসূচী ৷ প্ৰতিখন জিলাত ৰাজ্যৰ স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে টীকাকৰণৰ ব্য়াপক কাৰ্যসূচী ৷ বিগত দুটা দিনত ৰাজ্য চৰকাৰে নিৰ্ধাৰিত কৰি দিয়া 3 লাখৰ সীমা অতিক্ৰম কৰিছে স্বাস্থ্য বিভাগে ৷

mass vaccination program around the assam
ৰাজ্যত অব্য়াহত "বৰ্ধিত টীকাকৰণ প্ৰক্ৰিয়া"ৰ কাৰ্যসূচী
author img

By

Published : Jun 23, 2021, 10:59 PM IST

নিউজ ডেস্ক, 23 জুন : 21 জুনৰ পৰা ৰাজ্যজুৰি অব্যাহত আছে "বৰ্ধিত টীকাকৰণ প্ৰক্ৰিয়া" ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত 18 বছৰৰ উৰ্ধৰ ব্যক্তিক বিনামূলীয়াকৈ টীকাকৰণ কৰা হৈছে ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে প্ৰতিদিনে 3 লাখতকৈ অধিক লোকক কৰা হ’ব টীকাকৰণ ৷

যোৰহাটত ঔষধ ব্যৱসায়ী সন্থাৰ উদ্যেগত টীকাকৰণ

বুধবাৰে যোৰহাটত ঔষধ ব্যৱসায়ী সন্থাৰ উদ্যেগত মুক্তি যুজাৰু ভৱনত ক’ভিড টীকাকৰণৰ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ টীকাকৰণ প্ৰক্ৰিয়াত ঔষধ ব্যৱসায়ীৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোকসকলকো টীকাকৰণ কৰা হয় ৷ জানিব পৰা মতে, টীকাকৰণৰ পূৰ্বে প্ৰতিজন ব্যক্তিক কৰ’ণাৰ পৰীক্ষা কৰি লোৱা হয় ৷ উক্ত টীকাকৰণ কেন্দ্ৰটোত 260 গৰাকী ব্যক্তিক টীকা প্ৰদান কৰা হয় বুলি জানিব পৰা গৈছে ৷

যোৰহাটত ঔষদ সন্থাৰ টীকাকৰণ
যোৰহাটত ঔষদ সন্থাৰ টীকাকৰণ

টেঙাখাটত প্ৰতিষেধক প্ৰদান কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

কৰ'ণা মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে দৈনিক অনলাইন ক'ভিড প্ৰতিষেধক পঞ্জীয়ন কৰা লোকসকলৰ লগতে অফলাইনৰ যোগেদিও বহুসংখ্যক লোকক ক'ভিড প্ৰতিষেধক প্ৰদান কৰি আহিছে । টেঙাখাটত দৈনিক ১৫০ ৰপৰা ২০০ জনকৈ ব্যক্তিক ক'ভিডৰ টীকাকৰণ কৰি থকা হৈছে । বুধবাৰে টেঙাখাটৰ সৰস্বতী দেৱী বাগ্ৰদিয়া হাইস্কুলৰ ক'ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰত যথেষ্ট সংখ্যক লোকে প্ৰতিষেধক ল'বৰ বাবে উপস্থিত হোৱাত ক'ভিড প্ৰটকল ভংগ হোৱা পৰিলক্ষিত হয় ।

বোকাখাটক টীকাকৰণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

ইয়াৰ পাছতে ৰাইজৰ মাজতে ক'ভিড নীতি-নিয়মক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । অৱশেষত কেন্দ্ৰটোত টেঙাখাত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ কৰে ৷ জিলাখনত প্ৰতিষেধক কেন্দ্ৰৰ সংখ্যা কম হোৱা বাবেই এনে পৰিস্থিতি সৃষ্টি হোৱা বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে ৷

ডিমা হাছাওত টীকাকৰণত ৰাইজৰ সঁহাৰি

পাহাৰীয়া ডিমা হাছাও জিলাৰ চহৰ অঞ্চলত প্ৰতিষেধক কাৰ্যসূচীত ৰাইজৰ ব্যাপক সঁহাৰি দিয়া পৰিলক্ষিত হৈছে ৷ গাঁও অঞ্চলত তাৰ বিপৰীত ছবিহে দেখা পোৱা গৈছে ৷ ৰাইজৰ মাজত কৰ‘ণাক লৈ সজাগতা কম হোৱাৰ বাবেই প্ৰতিষেধক লবলৈ ভয় কৰিছে একাংশ লোকে ৷ যাৰ বাবে জিলাখনত "বৰ্ধিত টীকাকৰণ" কাৰ্যসূচীৰ অন্তৰ্গত প্ৰক্ৰিয়াত দুটা দিনত জিলাখনত 7 হাজাৰ 532 গৰাকী লোকক ক’ভিড প্ৰতিষেধক প্ৰদান কৰিছে জিলাখনৰ স্বাস্থ্য বিভাগে ৷

ডিমা হাছাওত টীকা প্ৰদান
ডিমা হাছাওত টীকা প্ৰদান

ডিমা হাছাও জিলাত সোমাবাৰ মুঠ 2957 গৰাকী লোক আৰু মঙলবাৰে 4575 গৰাকী ব্যক্তিক ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হয় ৷ এতিয়া লৈকে ডিমা হাছাও জিলাত 54 হাজাৰ 103 গৰাকী লোকক ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷ ইয়াৰ মাজত ক’ভিড প্ৰতিষেধকৰ প্ৰথম পালি দিয়া হৈছে 42 হাজাৰ 868 গৰাকী লোকক আৰু 11 হাজাৰ 235 গৰাকী লোকক দ্বিতীয় পালি প্ৰদান কৰা হৈছে বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে ।

যোৰহাটৰ টীকাকেন্দ্ৰত উপস্থিত শিক্ষামন্ত্ৰী-স্বাস্থ্যমন্ত্ৰী

যোৰহাট জিলাৰ বিভিন্ন স্থানৰ কৰ’ণা প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া সন্দৰ্ভত বুজ লোৱাৰ উদ্দেশ্যে বুধবাৰে অসম চৰকাৰৰ দুজনকৈ মন্ত্ৰীয়ে জিলাখনৰ টীয়ক সমষ্টিৰ কেইবাটাও প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় । পুৱাৰ ভাগত শিক্ষামন্ত্ৰী তথা যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰাণোজ পেগুৱে টীয়ক হাইস্কুল, বনাই হাইস্কুল, কাকজান উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ প্ৰতিষেধক কেন্দ্ৰ তিনিটা পৰিদৰ্শন কৰি স্বাস্থ্যকৰ্মী, সাধাৰণ লোকৰ লগত মত বিনিময় কৰাৰ লগতে কেন্দ্ৰ কেইটাৰ সা-সুবিধা সন্দৰ্ভত বুজ লয় । ইপিনে বিয়লি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মৰিয়নি সমষ্টিৰ কলিয়াপানীৰ সমীপৰ এটা কেন্দ্ৰৰ ওপৰিও টীয়কৰ চেনী আমগুৰি হাইস্কুলৰ প্ৰতিষেধক কেন্দ্ৰ পৰিদৰ্শন কৰে ।

mass vaccination program around the assam
কেন্দ্ৰীয় মহাবিদ্যালয়ত স্বাস্থ্যমন্ত্ৰী

পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে জিলাখনৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াক লৈ সন্তুষ্টি ব্যক্ত কৰে । জানিব পৰা মতে, যোৰহাট জিলাত ২৪ হাজাৰ লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইপিনে টীয়ক এফ আৰ ইউ খনৰ আন্তঃগাঁঠনি শীঘ্ৰে উন্নয়ন সাধন কৰা হ’ব বুলি মতপোষণ কৰে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে । তদুপৰি কাৱৈমাৰী আৰু গোঁহাই গাঁৱৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো দুৱাৰ মুকলি নোহোৱা প্ৰাথমিক চিকিৎসালয় দুখন শীঘ্ৰে মুকলি কৰাৰ কথা ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী মহন্তই ।

আনহাতে ৰাজ্য চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই যোৰহাটৰ চেলেং উচ্চ মাধ্যমিক বিদ্যালয়, চেনিআমগুৰি উচ্চ মাধ্যমিক বিদ্যালয় আৰু কেন্দ্ৰীয় মহাবিদ্যালয়ত স্থাপন কৰা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ কেইটা পৰিদৰ্শন কৰি কেন্দ্ৰসমূহত নিয়োজিত স্বাস্থ্য বিভাগৰ কৰ্মী আৰু প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অহা ৰাইজৰ লগত মত বিনিময় কৰে ৷ জিলাখনৰ স্বাস্থ্য বিভাগে প্ৰতিষেধক প্ৰদান কৰাৰ ক্ষেত্ৰত সুপৰিকল্পিতভাৱে গ্ৰহণ কৰা ব্যৱস্থাৱলীক প্ৰশংসা কৰে ৷ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ কেন্দ্ৰ পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীৰ লগত জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন,অতিৰিক্ত উপায়ুক্ত কবিতা কাকতী কোঁৱৰ, জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ৷

লগতে পঢ়ক : ড্ৰাগছৰ বাবে আত্মহনন যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.