ETV Bharat / city

এগৰাকী 18 বছৰীয়া ছাত্ৰীৰ ভৱিষ্যৎ ধ্বংস কৰাৰ অধিকাৰ বিজেপি চৰকাৰৰ নাই: শৃংখল

author img

By

Published : Jul 14, 2022, 8:59 PM IST

টীয়কৰ বৰ্ষাশ্ৰীৰ ঘৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু বীৰ লাচিত সেনা অসমৰ প্ৰতিনিধিৰ দল ৷ বৰ্ষাশ্ৰী আৰু পৰিয়ালক সৰ্বতো প্ৰকাৰৰ সহায়ৰ প্ৰতিশ্ৰুতি সংগঠন দুটাৰ ৷ প্ৰায় দুমাহ দিন বন্দীত্বৰ জীৱন কটোৱা বৰ্ষাশ্ৰীৰ শৈক্ষিক সোণালী ভৱিষ্যত নষ্ট নকৰিবলৈ ৰাজ্য অধিকাংশ দল-সংগঠন তথা সচেতন সমাজে দাবী উত্থাপন কৰিছে (Demand for Barshashree Burhagohain bail) ।

Demand for Barshashree Burhagohain bail
Demand for Barshashree Burhagohain bail

টীয়ক, 14 জুলাই : বিগত দুদিন ধৰি অসমত সৰ্বাধিক চৰ্চা হৈ আছে বৰ্ষাশ্ৰী বুঢ়াগোহাঁই কাৰাবন্দী হৈ থকাৰ প্ৰসংগ (Barshashree Burhagohain controversy) ৷ যোৰহাট জিলাৰ টীয়কৰ এজাৰগুৰিৰ নিবাসী অজিত বুঢ়াগোহাঁই আৰু উষা বুঢ়াগোহাঁইৰ কন্যা বৰ্ষাশ্ৰী বুঢ়াগোহাঁয়ে ফেচবুকত আপলোড দিয়া এটা পোষ্টৰ বাবে আজি ৫৭ টাকৈ দিন কাৰাগাৰত বন্দী হৈ আছে (Barshashree Burhagohain facebook post)। অহা 16 তাৰিখৰ পৰা তেওঁ দ্বিতীয় ষান্মাষিকৰ পৰীক্ষা । সেয়ে বৰ্ষাশ্ৰীক মুকলি কৰি দিয়াৰ দাবীত এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যৰ বিভিন্ন মহলে ৷

এগৰাকী 18 বছৰীয়া ছাত্ৰীৰ ভৱিষ্যৎ ধ্বংস কৰাৰ অধিকাৰ বিজেপি চৰকাৰৰ নাই: শৃংখল

কোনো ধৰণৰ আপত্তিজনক নথি-পত্ৰ বিহীনভাৱে প্ৰায় দুমাহ দিন বন্দিত্বৰ জীৱন কটোৱা বৰ্ষাশ্ৰীৰ শৈক্ষিক ভৱিষ্যত নষ্ট নকৰিবলৈ ৰাজ্যৰ অধিকাংশ দল-সংগঠন তথা সচেতন সমাজে দাবী উত্থাপন কৰিছে (Demand for Barshashree Burhagohain bail) । তেনে সময়তে বৰ্ষাশ্ৰীৰ টীয়কৰ এজাৰগুৰিৰ গৃহত বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় তথা জিলা শাখাৰ কেইবাগৰাকীও শীৰ্ষস্থানীয় নেতা উপস্থিত হৈ বৰ্ষাশ্ৰীৰ পৰিয়ালবৰ্গৰ সৈতে বাৰ্তালাপ কৰে ।

লগতে, দুয়োটা সংগঠনে বৰ্ষাশ্ৰীৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে লোৱা পদক্ষেপক ক্ষূৰধাৰ সমালোচনা কৰি অনতি পলমে ছাত্ৰগৰাকীক মুকলি কৰি দিবলৈ আহ্বান জনায় । বৰ্ষাশ্ৰীক ভবিষ্যতে শৈক্ষিক তথা প্ৰতিটো দিশতে দুয়োটা সংগঠনে সহায়ৰ হাত আগবঢ়াব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

উল্লেখযোগ্য যে, বৰ্ষাশ্ৰীৰ মুক্তিৰ ক্ষেত্ৰত জাতীয় সংগঠন দুটাই ইতিমধ্যে অধিবক্তা তথা আইনী ব্যৱস্থাত জড়িত বিষয়াৰ সৈতে আলোচনা কৰিছে ৷ ছাত্ৰীগৰাকীৰ জামিনৰ ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও পৰিয়ালক আশ্বাস প্ৰদান কৰি খিলঞ্জীয়াৰ অধিকাৰ বিনষ্ট নকৰিবলৈ ৰাজ্য চৰকাৰখনক সকীয়নি প্ৰদান কৰে সংগঠন দুটাৰ বিষয়ববীয়াই ।

উল্লেখ্য যে, বৃহস্পতিবাৰে গোলাঘাট সত্ৰ ন্যায়াধীশৰ আদালতে দিয়া নিৰ্দেশ অনুসৰি অহা 16 জুলাইৰ পৰা অনুস্থিত হ'বলগীয়া স্নাতক দ্বিতীয় ষাণ্মাষিকৰ পৰীক্ষাত বহিব পাৰিব কাৰাবন্দী বৰ্ষাশ্ৰী (Barshashree to attend the exam)। উপযুক্ত নিৰাপত্তা ব্যৱস্থাৰ জৰিয়তে পৰীক্ষাৰ নিৰ্দিষ্ট কেন্দ্ৰত পৰীক্ষা দিব পাৰিব বৰ্ষাশ্ৰীয়ে । গোলাঘাট জিলা কাৰাগাৰ কৰ্তৃপক্ষৰ যোগেদি গোলাঘাট সত্ৰ ন্যায়াধীশ আদালতত পৰীক্ষাত বহিবৰ বাবে অনুমতি বিচাৰি বৰ্ষাশ্ৰীয়ে আবেদন জনাইছিল । বৰ্ষাশ্ৰীৰ আবেদনক মান্যতা গোলাঘাট সত্ৰ ন্যায়াধীশ আদালতৰ । যোৱা দুমাহ ধৰি কাৰাবন্দী হৈ আছে বৰ্ষাশ্ৰী ৷

লগতে পঢ়ক: Barshashree Burhagohain Case : বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক শীঘ্ৰে মুক্তিৰ দাবী ছাত্র সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.