ETV Bharat / city

Land mafia: বলেৰে অকলশৰীয়া বৃদ্ধাৰ মাটি দখলৰ চেষ্টা বাবলু গুণ্ডাৰ

author img

By

Published : Nov 12, 2021, 5:52 PM IST

এইবাৰ অন্য পন্থাৰে মাটি হস্তগত কৰাৰ চেষ্টা চলালে এটা ভূ-মাফিয়াই ৷ এগৰাকী বৃদ্ধাৰ ঘৰ-মাটি দখলৰ চেষ্টা চলালে বাবলু আনচাৰী নামৰ গুণ্ডাটোৱে ৷

land mafia
বলেৰে অকলশৰীয়া বৃদ্ধাৰ মাটি দখলৰ চেষ্টা বাবলু গুণ্ডাৰ

যোৰহাট, 12 নৱেম্বৰ : ৰাজ্যৰ ভিন্ন স্থানত মাটিৰ দালালি চলি থকাৰ কথা ইতিমধ্যেই পোহৰলৈ আহিছে ৷ চৰকাৰ তথা প্ৰশাসনৰ তৎপৰতাত বহু দালালৰ বৰ্তমান ঠিকনা হৈছে ৰঙাঘৰ ৷ কিন্তু দালালিৰ শিপাডাল এতিয়াও যেন সম্পূৰ্ণ ৰূপে উভালিব পৰা নাই প্ৰশাসনে ৷ এইবাৰ অন্য পন্থাৰে মাটি হস্তগত কৰাৰ চেষ্টা চলালে এটা ভূ-মাফিয়াই ৷ এই ঘটনা সংঘটিত হৈছে যোৰহাটত ৷

যোৰহাট জিলাৰ নিউভিল ৰোডৰ এগৰাকী বৃদ্ধাৰ ঘৰ-মাটি দখলৰ চেষ্টা চলালে এটা গুণ্ডাই ৷ মাটিৰ বাবে বৃদ্ধাগৰাকীক মাৰ-ধৰ কৰাৰো অভিযোগ উঠিছে এই গুণ্ডাৰূপী দালালৰ বিৰুদ্ধে ৷ আজিজা বেগম আৰু দিলাৰা বেগমৰ নামত ম্যাদী পট্টাত নামজাৰী হৈ থকা মাটিখিনি বলেৰে দখল কৰাৰ চেষ্টা চলাইছে বাবলু আনচাৰী নামৰ গুণ্ডাটোৱে ৷ অভিযোগ অনুসৰি বৃদ্ধাগৰাকীক প্ৰহাৰো কৰিছে বাবলুৱে ৷

ইতিমধ্যে এই ঘটনাৰ ন্যায় বিচাৰি যোৰহাট আৰক্ষীৰ কাষ চাপিছে বৃদ্ধা গৰাকী ৷ এতিয়া আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া অৱশ্যেই লক্ষণীয় হ’ব ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ইতিমধ্যে মাটিৰ দালাল তথা ভূ-মাফিয়াৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন ৷ গতিকে এই ঘটনাৰ ক্ষেত্ৰতো আৰক্ষীৰ ইতিবাচক পদক্ষেপ আশা কৰিছে ভুক্তভোগী তথা ৰাইজে ৷

লগতে পঢ়ক : Financial scam: চিআইডিয়ে গ্ৰেপ্তাৰ কৰিলে এমট্ৰ’নৰ গাণনিক বিষয়া ৰাহুল হুজুৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.