ETV Bharat / city

নিষিদ্ধ হোৱাৰ পাছতো লালি গুৰৰ অবাধ সৰবৰাহ

author img

By

Published : Feb 26, 2020, 11:32 AM IST

যোৰহাট জিলাৰ টীয়কৰ জাঁজীৰ সমীপত মঙলবাৰে নিশা দুৰ্ঘটনাত পতিত হয় লালিগুৰ সৰবৰাহকাৰী এখন বলেৰ' পিক আপ গাড়ী ৷ এই ঘটনাই প্ৰমাণ কৰে ৰাজ্যত অবাধ হাৰত সৰবৰাহ হৈ আছে নিষিদ্ধ লালিগুৰ ৷

laligur carried vehicle accident at teok
নিষিদ্ধ হোৱাৰ পাছতো লালি গুৰৰ অবাধ সৰবৰাহ

যোৰহাট,26 ফেব্ৰুৱাৰীঃ ৰাজ্যৰ সুৰা ট্ৰেজেদীৰ পাছতে অসম চৰকাৰে নিষিদ্ধ কৰিছিল লালি গুৰ সৰবৰাহ আৰু বিক্ৰী ৷ কিন্তু পৰিতাপৰ কথা যে, চৰকাৰৰ এনে কঠোৰ নিৰ্দেশনাৰ পাছতো প্ৰকৃতপক্ষে বন্ধ নহ'ল লালি গুৰৰ সৰবৰাহ ৷ যোৰহাট জিলাৰ টীয়কৰ জাঁজীৰ সমীপত মঙলবাৰে নিশা দুৰ্ঘটনাত পতিত হয় AS-02CC-3423 নম্বৰৰ এখন বলেৰ' পিক আপ গাড়ী ৷ বলেৰ' পিক আপ গাড়ীখনত লালিগুৰ উদ্ধাৰ হোৱা ঘটনাই প্ৰমাণিত কৰিলে কি দৰে ৰাজ্যখনত অবাধে চলি আছে লালিগুৰৰ ৰমৰমীয়া বেহা ।

জানিব পৰা মতে, নথিপত্ৰ বিহীন ভাৱে সৰবৰাহ কৰিছিল লালিগুৰ সমূহ । ইফালে দুৰ্ঘটনাত পতিত হোৱা গাড়ীখনৰ চালকে প্ৰথমে লালিগুৰ খিনি নগাঁওৰ লংকাৰ পৰা শিৱসাগৰ জিলাৰ জনৈক কোঁ‌ৱৰ নামৰ এগৰাকী ব্যৱসায়ীৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ আনিছিল বুলি জানিবলৈ দিছিল যদিও পৰৱৰ্তী সময়ত তেওঁ পুনৰ ডিব্ৰুগড়লৈ অনা বুলি ভাষ্য প্ৰদান কৰাত সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ৷

লগতে পঢ়কঃ অসমীয়া যুৱক-যুৱতীক স্বাৱলম্বী কৰাৰ ব্যতিক্ৰমী প্ৰয়াস হিন্দু সুৰক্ষা মঞ্চৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.