যোৰহাট, 22 আগষ্ট : নিৰ্লজ্জ তথা পাশৱিক ! ৰাজ্যত আকৌ সংঘটিত হৈছে আন এক নাৰকীয় ঘটনা ৷ শিকলিৰে বান্ধি তালিবানী শাস্তি দিয়া হ’ল এগৰাকী বোৱাৰীক ৷ শহুৰ-শাহুৱেকৰ লগতে শিকলিৰে বান্ধি অকথ্য নিৰ্যাতন চলালে ভুক্তভোগী মহিলাগৰাকীৰ স্বামীয়েও ৷ এইবাৰ ঘটনাৰ স্থান গোলাঘাট জিলাৰ মেৰাপানীৰ অন্তৰ্গত 4 নং তৰাণি গাঁৱত (Domestic violence case in Golaghat) ৷
সামান্য কথাতেই ভুক্তভোগী মহিলাগৰাকীক স্বামী ঘৰৰ মানুহে মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ অন্য দিনাৰ দৰে সোমবাৰেও স্বামীৰ ঘৰৰ মানুহে মাৰপিট কৰে ভুক্তভোগী মহিলাগৰাকীক (Harassment of wife by husband and his family at Merapani) ৷ সংবাদ মাধ্যমৰ আগত সকলো কথা বিৱৰি ক’লে ভুক্তভোগী মহিলাগৰাকীয়ে ৷
কেৱল মাৰপিট কৰাই নহয়, নিজক বচাবলৈ চেষ্টা কৰাৰ বাবেই ভুক্তভোগী মহিলাগৰাকীক শিকলিৰে বান্ধি অকথ্য নিৰ্যাতন চলাই শহুৰ-শাহুৱেক আৰু তেওঁৰ স্বামীয়ে ৷ যাৰ ফলত গুৰুতৰভাৱে আহত হয় মহিলাগৰাকী ৷ কিন্তু সৌভাগ্যবশতঃ সুবিধা বুজি স্বামীগৃহৰ পৰা পলায়ন কৰে মহিলাগৰাকীয়ে ৷
হঠাৎ মুৰ্মূৰ্ষু অৱস্থাত মহিলাগৰাকী মাতৃগৃহত উপস্থিত হোৱাৰ লগতে তেওঁৰ অৱস্থা দেখি চিন্তিত হৈ পৰে পৰিয়াল তথা আত্মীয় ৷ তাৰ পাচতেই ভুক্তভোগী মহিলাগৰাকীৰ মাতৃৰ পৰিয়ালে 108 সেৱাৰ জৰিয়তে মেৰাপানী চিকিৎসালয়ত ভৰ্তি কৰায় ৷ অৱশ্যে ভুক্তভোগী মহিলাগৰাকীক উন্নত চিকিৎসা বাবে গোলাঘাট চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷
আনহাতে, এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীৰ মাতৃৰ পৰিয়ালে মেৰাপানী আৰক্ষী থানাত অভিযুক্ত স্বামী, শহুৰ আৰু শাহুৱেক বিৰুদ্ধে দাখিল কৰে এক এজাহাৰ ৷ আনকি মেৰাপানী চিকিৎসালয় কৰ্তৃপক্ষয়ো উক্ত ঘটনা সন্দৰ্ভত মেৰাপানী আৰক্ষী থানাত নিজাববীয়াকৈ লিখিত অভিযোগ নামা দাখিল কৰে ৷ উল্লেখ্য যে, এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত এতিয়া বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য ৷
লগতে পঢ়ক : ৰাজপথতে কাপোৰ ফালি পত্নীক অকথ্য নিৰ্যাতন স্বামীৰ : কি ক’লে ভুক্তভোগীয়ে ?