যোৰহাট, 2 অক্টোবৰ : যোৰহাট চিকিৎসা মহাবিদ্যালয়ত আটক হ'ল ভুৱা নাৰ্চ ৷ আটকাধীন মহিলাগৰাকী মৰিয়নিৰ আৰিফা বেগম ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত বহুদিন ধৰি নাৰ্চৰ পোচাক পিন্ধি ঘুৰি ফুৰিছিল আৰিফা বেগমে ৷ যোৰহাট কৰ্তৃপক্ষই আৰিফা বেগমক কৰায়ত্ত কৰি আৰক্ষী চকীত গতাই দিয়ে ৷
প্ৰথম অৱস্থাত নিজকে জয়সাগৰৰ অঞ্জু গগৈ বুলি উল্লেখ কৰা মহিলাগৰাকীয়ে সোধপোচৰ অন্তত মৰিয়নিৰ আৰিফা বেগম বুলি নিজকে পৰিচয় আগবঢ়ায় ৷
লগতে পঢ়ক : চতিয়াৰ চকীঘাটত আইন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্তৰ