যোৰহাট, ১৩ মে' : অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (ASDMA) প্ৰকল্প বিষয়া তথা যোৰহাট জিলাৰ বাবে নিয়োজিত নডেল বিষয়া ড৹ কৃপালজ্যোতি মজুমদাৰে শুকুৰবাৰে যোৰহাটত উপস্থিত হৈ সম্ভাৱ্য বান পৰিস্থিতিৰ (Flood situation in Assam) সৈতে মোকাবিলা কৰিব পৰা ব্যৱস্থাৱলীৰ সন্দৰ্ভত বুজ লয় ৷ এই সন্দৰ্ভত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নডেল বিষয়া দামোদৰ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত হয় এক পৰ্যালোচনা বৈঠক (Disaster Management Authority Review Meeting)৷
এই পৰ্যালোচনা সভাত অংশ গ্ৰহণ কৰি ড৹ মজুমদাৰে জিলাখনৰ স্পৰ্শকাতৰ স্থান, মথাউৰি, বাট-পথ, দলং আদি চিনাক্তকৰণ কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক আহ্বান জনায় ৷ বাঢ়নী পানীৰ সৈতে মোকাবিলা কৰিব পৰাকৈ আগতীয়া প্ৰস্তুতি, প্ৰশিক্ষণ প্ৰদান, শিবিৰ চিনাক্তকৰণ, সম্ভাব্য বান হোৱা অঞ্চলসমূহ চিনাক্তকৰণ, বানৰ পিছত বানাক্ৰান্তক সাহায্য প্ৰদান তথা খাদ্য সামগ্ৰী যোগান আদি বিভিন্ন বিষয় সন্দৰ্ভত নডেল বিষয়া গৰাকীয়ে এক পাৱাৰ পইন্ট প্ৰেজেন্টেশ্বন আগবঢ়ায় ৷
সভাত অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনে জিলাখনত সম্ভাৱ্য বানৰ সন্মুখীন হ'ব পৰাকৈ আগতীয়া প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে বুলি জানিবলৈ দিয়ে (Preparation for Flood)৷
আনহাতে, জিলাখনত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ পৰা হ'ব পৰা সংশয়ৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক সম্ভাৱ্য বান পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ সকলো ব্যৱস্থাৱলী গ্ৰহণ কৰা হৈছে বুলিও অৱগত কৰে ৷ সভাত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে জনস্বাস্থ্য কাৰিকৰী, সমাজ কল্যাণ, জলসম্পদ, স্বাস্থ্য, খাদ্য আৰু অসাময়িক যোগান, পশুচিকিৎসা আৰু পশুপালন আদি বানপানীৰ লগত জড়িত গুৰুত্বপূৰ্ণ বিভাগসমূহক এতিয়াৰ পৰাই অধিক সতৰ্কতাৰে প্ৰস্তুত থাকিবলৈ আহ্বান জনায় ৷
সভাত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া তপন কলিতা, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া প্ৰাণকৃষ্ণ গগৈৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে ৷
সভাৰ অন্তত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নডেল বিষয়া গৰাকীয়ে যোৰহাটৰ প্ৰকল্প বিষয়া প্ৰাণকৃষ্ণ গগৈ আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ বিষয়াসকল লগত জিলাখনৰ সম্ভাৱ্য বান হোৱা ঠাইসমূহৰ লগতে টীয়কৰ মডেল শিবিৰসমূহ আৰু জাঁজী অঞ্চলটো পৰিদৰ্শন কৰি বিভাগীয় বিষয়াসকলক দিহা পৰামৰ্শ আগবঢ়ায় ৷
লগতে পঢ়ক : Anti drugs mission in Nagaon: জালত পৰিল নগাঁৱৰ কুখ্যাত ড্ৰাগছ মাফিয়া বিকি সূত্ৰধাৰ