যোৰহাট, 11 ছেপ্তেম্বৰ : সমাগত বিশ্বখনিৰ বিশ্বকৰ্মা পূজা ৷ আনহাতে সমাগত শাৰদীয় দুৰ্গা পূজাও ৷ কিন্তু সম্প্ৰতি কৰ’ণা ভাইৰাছৰ সংহাৰৰ ফলত এইবাৰ উৎসাহ নাই কাৰিকৰ সকলৰ মাজত । ক’ভিড মহামাৰীৰ কৰাল গ্ৰাস এতিয়া সৰ্বত্ৰ ।
বৰ্তমানে ইংৰাজী চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহ । পূৰ্বতে ছেপ্তেম্বৰ মাহ অহাৰ লগে-লগেই ব্যাপক ব্যস্ত হৈ পৰে মূৰ্তি নিৰ্মাণ কৰা কাৰিকৰ সকল । কিন্তু এইবাৰ সম্পূৰ্ণ ব্যতিক্ৰম । এতিয়া বিশ্ব খনিকৰ পূজাৰ মাজত আছে মাথো পাঁচটা দিন ।
কিন্তু এইবাৰ খনিকৰে নিৰ্মাণ কৰিছে কেৱল মাত্ৰ 20 শতাংশ মূৰ্তিহে । আনকি শাৰদীয় দুৰ্গা পূজাৰ দেৱীৰ প্ৰতিমা এতিয়াও হাত দিয়া নাই খনিকৰে । যিহেতু কলিকতাৰ পৰা কাৰিকৰ অহা নাই, আনিব পৰা নাই দেৱীৰ আভূষণ । যাৰ ফলত এতিয়া নিমাওমাও পৰিৱেশ প্ৰতিমা নিৰ্মাণস্থলীত । আনহাতে জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশনাৰ ফলতো এইবাৰ পূজাত হয়তো দেখা পোৱা নাযাব পূৰ্বৰ আনন্দময় পৰিৱেশ ।
লগতে চাওক-আঞ্চলিক ৰাজনৈতিক সমীকৰণ : সংগঠিত নহ'লে লাভান্বিত হ’ব নেকি বিজেপি !