ETV Bharat / city

লক্ ডাউনৰ ফলত মুখা, ভাস্কৰ্য শিল্পীৰ জীৱনলৈ অমানিশা - মূখা আৰু ভাস্কৰ্য শিল্প নিপেন গগৈ

‘‘লক্ ডাউনে আমাক একেবাৰে বিধস্ত কৰি পেলালে, হাতত বৰ্তমান এটা কামো নাই । এইটো কাম কৰিয়ে যেনে তেনে খাই আহিছিলো । এতিয়া কি কৰি খাম । ভাবিকে পোৱা নাই ।’’ মুখা তথা ভাস্কৰ্য শিল্পীৰ সংবাদ মাধ্যমৰ আগত আৰ্তনাদ ৷

লক্ ডাউনৰ ফলত মূখা, ভাস্কৰ্য শিল্পীৰ জীৱনলৈ অমানিশা

author img

By

Published : Aug 2, 2020, 4:18 AM IST

Updated : Aug 2, 2020, 11:19 AM IST

মৰিয়নী, 2 আগষ্ট : ক’ভিড-19 বা কৰ’ণা ভাইৰাছে যে মানুহক অকল শাৰীৰিক ভাৱে আক্ৰমণ কৰিছে এনে নহয়, এই মহামাৰীৰ পৰোক্ষ প্ৰভাৱৰ ফলতো এতিয়া মানুহৰ জীৱনলৈ নামি আহিছে চৰম দুখ দুৰ্দশা । ক’ভিড-19 মহামাৰীৰ প্ৰভাৱৰ ফলত অন্য দহজনৰ দৰেই মূখা আৰু ভাস্কৰ্য শিল্পী সকলৰ জীৱনলৈও নামিছে অমানিশা । এই মহামাৰীৰ ভয়াবহতা ৰোধ কৰিবৰ বাবে সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যত পালন কৰা হৈছে লক্ ডাউন ইত্যাদি নীতি-নিয়ম ৷ ফলত স্তব্ধ হৈ পৰিছে বহু মানুহৰ জীৱিকা উপাৰ্জনৰ পথ ।

নিপেন গগৈৰ হাতৰ পৰসত প্ৰাণ পাই উঠা কিছু  শিল্পী কাৰ্য

এই ক্ষেত্ৰত বাদ পৰি ৰোৱা নাই মুখা আৰু ভাস্কৰ্য শিল্পীসকলো ৷ লক্ ডাউনৰ পাচৰ পৰাই কৰ্মহীন হৈ পৰিছে এই সকল শিল্পী । ৰাজহুৱা অনুষ্ঠান ভাওনা, নাট, উৎসৱ-পাৰ্বন আদি অনুষ্ঠান বন্ধ হৈ পৰাত মুখা আৰু ভাস্কৰ্য শিল্পৰ লগত জড়িত শিল্পী সকলৰ উপাৰ্জনৰ পথ বন্ধহৈ পৰিছে । অসমীয়া জাতীয় কৃষ্টি ভাওনাৰ লগত জড়িত হৈ পৰা বহু শিল্পী এতিয়া কৰ্মহীন ।

মুখা আৰু ভাস্কৰ্য শিল্পৰ লগত 1995 চনৰ পৰা জড়িত মৰিয়নীৰ বেলতল জাঁপি সজীয়া গাঁৱৰ নিপেন গগৈ নামৰ শিল্পী জনক লক্ ডাউনে অৰ্থনৈতিক ভাৱে কোঙা কৰি পেলোৱা লগতে উপাৰ্জনৰ একমাত্ৰ পথটি বন্ধ হৈ পৰিছে । ফলত শিল্পীজনৰ পৰিয়ালটোৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰে জীৱন নিৰ্বাহ কৰিব লগা হৈছে। নিপেন গগৈয়ে মুখা শিল্প ভাওনাৰ জৰিয়তে নিজৰ পৰিয়ালৰ পোহপাল দিয়াৰ লগতে আন পোন্ধৰ-ষোল্ল জন সহযোগী শিল্পীকো কৰ্মসংস্থাপন দিছিল যদিও বৰ্তমানে সকলো কৰ্মহীন হৈ আছে । এতিয়া বেলেগ কৰ্মৰ সন্ধান কৰিছে যদিও কৰ’ণা ভাইৰাছ, লক্ ডাউনৰ ফলত সেইয়া সম্ভৱপৰ হৈ উঠা নাই বুলি কয় ।

মূখা, ভাস্কৰ্য শিল্পীৰ জীৱনলৈ অমানিশা
মুখা, ভাস্কৰ্য শিল্পীৰ জীৱনলৈ অমানিশা

বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বাবে মূল তোৰণ নিৰ্মাণৰ লগতে নামঘৰৰ গুৰু আসন, মূৰ্তি আদি বিভিন্ন ভাস্কৰ্য নিৰ্মাণ কৰি সমগ্ৰ উজনি অসমতে সুনাম আছে নিপেন গগৈৰ ।

উল্লেখ্য যে, বিগত সময়চোৱাত নিপেন গগৈয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৱসাগৰৰ শংকৰী সংস্কৃতি প্ৰকল্পৰ স্থায়ী তোৰণখন নিৰ্মাণ কৰি যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল । বৰ্তমানে আন লকে্ কিছু শিথিলতা আনিছে যদিও ভাওনা সভা আদি কৰি অনান্য অসমীয়া সংস্কৃতিৰ চর্চা কেন্দ্ৰ সমূহ বন্ধ হৈ থকাত এটাও নতুন কাম হাতলৈ নহাত ভৱিষ্যতৰ অনিশ্চয়তাত ভুগিছে শিল্পীগৰাকী ।

মুখা, ভাস্কৰ্য শিল্পীৰ জীৱনলৈ অমানিশা

শিল্পীগৰাকীয়ে সাংবাদিকৰ আগত দুখেৰে কয় যে, ‘‘লক্ ডাউনে আমাক একেবাৰে বিধস্ত কৰি পেলালে, হাতত বৰ্তমান এটা কামো নাই । এইটো কাম কৰিয়ে যেনে তেনে খাই আহিছিলো । এতিয়া কি কৰি খাম । ভাবিকে পোৱা নাই ।’’ শিল্পীজনে লক্ ডাউনৰ সময়ত চৰকাৰী ভাৱে কোনো সাহাৰ্য পোৱা নাই বুলিও উল্লেখ কৰে । এতিয়া ভাল দিন ঘূৰি অহাৰ অপেক্ষাত ৰৈ থকা এই সকল মুখা আৰু ভাস্কৰ্য শিল্পীৰ প্ৰতি চৰকাৰে কেতিয়া সু-দৃষ্টি পৰিব সেয়া হে লক্ষণীয় হ’ব ।

লগতে চাওক-অসমীয়া চহা সমাজৰ নাঙল ধোৱা পৰ্ব

Last Updated : Aug 2, 2020, 11:19 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.