ETV Bharat / city

প্ৰধানমন্ত্ৰী আদৰ্শ গাঁও আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি

author img

By

Published : Jul 28, 2021, 1:26 PM IST

প্ৰধানমন্ত্ৰীৰ আদৰ্শ গাঁও আঁচনি (Pradhan Mantri Adarsh Gaon Scheme) ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি ৷ একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰী তথা ঠিকাদাৰে লাখে লাখে চৰকাৰী ধন লুণ্ঠন কৰাৰ অভিযোগ ৰাইজৰ ৷

corruption in the  Pradhan Mantri Adarsh Gaon Scheme At Teok
প্ৰধানমন্ত্ৰী আদৰ্শ গাঁও আঁচনি ৰূপায়নৰ নামত ব্যাপক দুৰ্নীতি

টীয়ক, 28 জুলাই : কেন্দ্ৰীয় চৰকাৰৰ এখন অভিলাষী আচঁনি হৈছে প্ৰধানমন্ত্ৰী আদৰ্শ গাঁও আঁচনি (Pradhan Mantri Adarsh Gaon Scheme) । এই আচঁনি ৰূপায়ণৰ দায়িত্ব প্ৰদান কৰা হৈছে স্থানীয় উন্নয়ন খণ্ড সমূহৰ লগতে সংশ্লিষ্ট জিলা সমূহৰ জিলা পৰিষদসমূহক । সাংসদৰ তত্বাৱধানত ৰূপায়ণ কৰিবলৈ লোৱা আদৰ্শ গাঁৱৰ এই আঁচনিসমূহ ৰূপায়ণৰ নামত ব্যাপক কেলেংকাৰ হোৱাৰো অভিযোগ উত্থাপন হৈ আহিছে ৷

যোৰহাট জিলা (Jorhat District)ৰ টীয়ক সমষ্টিত (Teok Constituency) পশ্চিম টীয়ক গাঁও পঞ্চায়তটো সংঘটিত হৈছে এটা আজব ঘটনা ৷ টীয়কৰ উত্তৰ দুলীয়া, জাঁজীমুখ গাঁও পঞ্চায়ত এলেকাৰ চোতাল বাঘ আৰু হাতীশাল গাঁও দুখনক আদৰ্শ গাঁও হিচাপে ২০১৮-১৯ বৰ্ষতে বিজেপি চৰকাৰখনে ঘোষণা কৰিছিল ৷ এই আঁচনিখনৰ অধীনত উত্তৰ দুলীয়াৰ প্ৰস্তাৱিত আদৰ্শ গাঁৱত এটা সামূহিক ভৱন স্থাপনৰ ব্যৱস্থা কৰে চৰকাৰে ৷

এই সামূহিক ভৱনটো নিৰ্মানৰ বাবে ঠিকাদাৰক ইতিমধ্যে চৰকাৰে 1,29,62,000 টকা (এক কোটি উনত্ৰিশ লাখ বাষষ্ঠি হাজাৰ) টকা আৱন্টন দিয়ে ৷ ইয়াৰে 69,51,000 (উন্নোসত্তৰ লাখ একানবৈ হাজাৰ) টকা মোকলাই নিয়া হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক- সীমা সংঘাতৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ জগৰীয়া কৰিলে ৰাইজৰ দলে

অকল সেয়াই নহয়, ২০১৮-১৯ বিত্তীয় বৰ্ষত উত্তৰ দুলীয়াৰ প্ৰস্তাৱিত আদৰ্শ গাঁৱত অংগনবাড়ী কেন্দ্ৰৰ নামত তিনি লাখ পাঁচ হাজাৰ টকা, ফেবাৰ্চ ব্লক দিয়া পথ নিৰ্মাণৰ বাবদ 7,35000 (সাত লাখ পয়ত্ৰিশ হাজাৰ) টকা, খেলপথাৰ নিৰ্মাণৰ বাবদ 4,55,000 (চাৰিলাখ পচপন্ন হাজাৰ) টকা, সৌৰশক্তি যুক্ত ষ্ট্ৰীট লাইটৰ বাবদ 2,39,000 দুই লাখ উনছল্লিশ হাজাৰ টকা আৰু সামূহিক ভৱন নিৰ্মাণৰ বাবদ 24,65,000 (চব্বিশ লাখ পয়ষষ্ঠি হাজাৰ) টকা ধাৰ্য কৰা হৈছিল ।

কিন্তু এই আঁচনিখন ৰূপায়ণৰ নামত কেৱল অৰ্ধ নিৰ্মিত সামূহিক ভৱনটোক বাদ দি কামৰ একো নমুনা দেখিবলৈ নাপালে ৰাইজে ৷ যি এটা সামূহিক ভৱন লাভ কৰিছিল সেইটোও এতিয়া অৰ্ধ নিৰ্মিত হৈ পৰি আছে ৷ তাৰোপৰি এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষক সোধাত তেওঁলোকৰ পৰাও কোনো সুদুত্তৰ লাভ কৰা নাই বুলি সাংবাদিকৰ আগত সদৰি কৰে ৰাইজে ৷

আদৰ্শ গাঁও (Model Village) প্ৰতিষ্ঠাৰ নামত গাঁও খনৰ ৰাইজক অন্ধকাৰত ৰাখি এনে কাৰ্য সংঘটিত কৰিছে বুলি একাংশ চৰকাৰী বিষয়া আৰু ঠিকাদাৰৰ বিৰুদ্ধে আঙুলি টোৱাইছে স্থানীয় ৰাইজে ৷ ইয়াৰ পৰাই বুজিব পাৰি যে চৰকাৰী ধনৰ যে ব্যাপক দুৰ্নীতি হৈছে, সেয়া আদৰ্শ গাঁৱৰ নামত চলা কামকাজে সহজে প্ৰতিয়মান কৰিছে । অতিশীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক আদৰ্শ গাঁও কেইখনত চৰকাৰে যোগান ধৰা আঁচনিখন সফল ৰূপায়ণ কৰিবলৈ দাবী জনাইছে ৰাইজে ৷ অৱশ্যে অনাগত দিনত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াই হ'ব উল্লেখনীয় ৷

লগতে পঢ়ক-প্ৰয়োজনত প্ৰাণ দিব, কিন্তু ভূমি নিদিয়ে : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.