ETV Bharat / city

ফাষ্টট্ৰেক আদালতত নহয় চিকিৎসক দেবেন দত্তৰ হত্য়াকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াঃ ক্ষোভ পত্নীৰ

ডা: দেবেন দত্তৰ হত্যাকাণ্ডৰ গোচৰ সন্দৰ্ভত কোনো অগ্ৰগতি লাভ নকৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে চিকিৎসকগৰাকীৰ পৰিয়ালে ৷ ফাষ্টট্ৰেক আদালতত গোচৰৰ তদন্তৰ মুখ্যমন্ত্ৰীৰ ঘোষণা অসাৰ প্ৰতিপন্ন হোৱাৰ পাচতে এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মৃত চিকিৎসক গৰাকীৰ পত্নীয়ে ৷

author img

By

Published : Oct 20, 2019, 1:38 PM IST

Updated : Oct 20, 2019, 1:51 PM IST

প্ৰয়াত দেবেন দত্তৰ পৰিয়াল

টীয়ক, 20 অক্টোবৰ : টীয়ক চাহ বাগিচাৰ চিকিৎসক ডা: দেবেন দত্তৰ হত্যাকাণ্ডৰ গোচৰৰ বৰ্তমানেও কোনো অগ্ৰগতি লাভ নকৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে চিকিৎসকগৰাকীৰ পৰিয়ালৰ লোকে ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতত কৰাৰ কথা ঘোষণা কৰিছিল ৷ কিন্তু, এই ঘোষণা অসাৰ প্ৰতিপন্ন হোৱাত অন্যান্য লোকসকলৰ লগতে চিকিৎসকগৰাকীৰ পৰিয়ালৰ লোকে তীব্ৰ অসন্তষ্টি ব্যক্ত কৰিছে ।

প্ৰয়াত দেবেন দত্তৰ পত্নীৰ প্ৰতিক্ৰিয়া

পৰিয়ালৰ লোকে মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতি তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰাৰ লগতে সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হোৱা ঘটনাটো গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ তুলিছে । সেয়েহে, পুনৰ মুখ্যমন্ত্ৰীক ঘটনাটো সন্দৰ্ভত বিবেচনা কৰিবলৈ কাতৰ অনুৰোধ জনাইছে মৃত চিকিৎসকগৰাকীৰ পত্নীয়ে ৷

Intro:Body:মুখ্যমন্ত্ৰীৰ ঘোষণা অসাৰ/প্ৰতিক্ৰিয়া প্ৰয়াত চিকিৎসক পত্নীৰ
TEOK:টীয়ক চাহ বাগিচাৰ চিকিৎসক ডা:দেবেন দত্তৰ হত্যা কাণ্ডৰ ঘটনাৰ গোচৰ ফাষ্টট্ৰেক আদালতত কৰাৰ কথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ঘোষণা কৰিছিল যদিও কাৰ্যত এই ঘোষণা অসাৰ প্ৰতিপন্ন হোৱাত এতিয়া অন্যান্য সকলৰ লগতে চিকিৎসকগৰাকীৰ পৰিয়ালৰ লোকেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।পৰিয়ালৰ লোকে মুখ্যমন্ত্ৰী সোনোৱালৰ প্ৰতি তীব্র অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হোৱা ঘটনাটো গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ কৰিছে ।সেয়ে পুনৰ মুখ্যমন্ত্ৰীক ঘটনাটোৰ সন্দৰ্ভত বিবেচনা কৰিবলৈ কাতৰ অনুৰোধ জনাইছে।Conclusion:
Last Updated : Oct 20, 2019, 1:51 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.