মাজুলী , 26 নৱেম্বৰ : অৱশেষত আৰম্ভ হ'ব মাজুলীবাসীৰ সপোনৰ দলংখনৰ নিৰ্মাণ কাৰ্য ৷ আগন্তুক 29 নৱেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই যোৰহাট-মাজুলী সংযোগী দলং (Jorhat Majuli bridge)ৰ খুঁটা পোতাৰ শুভাৰম্ভণি কৰিব । ইতিমধ্যে দক্ষিণপাট-হাতীশালৰ মাজত নিৰ্মাণ হ'ব লগা এই দলংখনৰ পথ সংলগ্ন দিশ, নক্সা আদি যাৱতীয় ক্ষেত্ৰভিত্তিক অধ্যয়নৰ কাম শেষ হৈছে ।
925 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই দলঙখনৰ দৈৰ্ঘ 8 কিলোমিটাৰ হ'ব বুলি জানিব পৰা গৈছে । দলঙখনৰ মুঠ খুঁটাৰ সংখ্যা হ’ব 65 টা ৷ ইয়াৰে 10 টাকৈ খুঁটা সম্পূৰ্ণ বিশাল ব্ৰহ্মপুত্ৰৰ বক্ষত স্থাপন কৰা হ’ব ৷
আনহাতে, শুকুৰবাৰে দক্ষিণপাটৰ এই দলং নিৰ্মাণস্থলী পৰিদৰ্শন কৰিবলৈ মাজুলীত বিত্তমন্ত্রী অজন্তা নেওগ আৰু মাজুলীৰ অভিভাৱক মন্ত্রী বিমল বড়াৰ লগতে সাংসদ প্ৰদান বৰুৱা উপস্থিত হৈছে । এই নিৰ্মাণস্থলীত উপস্থিত হৈ বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে, ভূমি অধিগ্রহণৰ লগতে আনুসংগিক কামৰ বাবে নিৰ্ধাৰিত পুঁজি জিলা উপায়ুক্ত লৈ মুকলি কৰি দিয়া হৈছে ।
ইতিমধ্যে মাজুলীৰ দক্ষিণপাট অঞ্চলত 50 বিঘা মাটি লিজত লৈ যাৱতীয় সা-সামগ্ৰীসমূহ মজুত কৰাৰ লগতে যন্ত্ৰাংশ সমূহ সাজু কৰা হৈছে । উল্লেখ্য যে, বিগত চেপ্তেম্বৰ মাহত যোৰহাটৰ নিমাতীঘাটত এক ভয়ংকৰ ফেৰী দুৰ্ঘটনা (Nimatighat Ferry accident) সংঘটিত হৈছিল ৷ এই ভয়াৱহ দুৰ্ঘটনাৰ ফলত তিনিজনকৈ লোকৰ মৃত্যু হৈছিল ৷ লগতে বহুকেইজন লোক আহত হৈছিল ৷
লগতে পঢ়ক: হঠাৎ কিয় মাজুলীলৈ গ’ল সৰ্বানন্দ সোণোৱাল !
এই দুৰ্ঘটনাৰ পিছতে বিভিন্ন সংগঠনে মাজুলী সংযগী দলং নিৰ্মাণৰ বাবে দাবী উত্থাপন কৰি আহিছিল ৷ 2016 চনৰ 27 ফেব্ৰুৱাৰীতে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী নিতিন গাডকাৰীয়ে মাজুলী মহাবিদ্যালয় খেলপথাৰত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত এই দলঙৰ আধাৰশিলাৰ স্থাপন কৰিছিল (Minister Nitin Gadkari laid the foundation stone of Jorhat-Majuli bridge) ৷ ঐতিহাসিক দৰিয়া পাৰত এই আধাৰশিলা অনুষ্ঠানৰ সাক্ষী হৈ ৰৈছিল মাজুলীৰ লক্ষাধিক জনতাৰ লগতে জাতীয় দল সংগঠন আৰু সত্ৰাধিকাৰ সকল ।
কিন্তু বছৰ বছৰ ধৰি এই আধাৰশিলা আধাৰশিলা হৈয়ে থাকিল । আধাৰশিলাৰ নামত আৰম্ভ হ’ল অলেখ ৰাজনীতি । আধাৰশিলাৰ প্ৰতিশ্ৰুতি দি দি বিজেপিয়ে পাৰ কৰিলে কেবাটাও নিৰ্বাচন । এই আধাৰশিলা নিৰ্মাণৰ তিনি বছৰ উকলি যোৱাৰ পাচতো কোনো কাম নোহাৱাত ক্ষোভিত হৈ পৰিছিল মাজুলীবাসী ৷
ইয়াৰোপৰি বিগত 18 নৱেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শমাই সন্ধিয়া যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰি দলং নিৰ্মাণ সংস্থাৰ সৈতে মত বিনিময় কৰে । উক্ত ভ্ৰমণত অহা চাৰি বছৰৰ ভিতৰত মাজুলীবাসীৰ সপোনৰ দলংখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে । ফলত এতিয়া মাজুলীবাসীৰ দীৰ্ঘদিনীয়া সপোন পূৰ্ণ হোৱাৰ পথত ৷
লগতে পঢ়ক : তিনি বছৰে অসম্পূৰ্ণ মাজুলী-যোৰহাট সংযোগী দলংঃ কাঁহ পিতল লৈ ফেৰী ঘাটত প্ৰতিবাদ AJYCPৰ