ETV Bharat / city

Majuli By Election 2022 : মাজুলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ - CM Himanta Biswa Sarma boosts BJPs campaigning

বৃহস্পতিবাৰে মাজুলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা (CM Himanta Biswa Sarma in Majuli) ৷ মাজুলীত উপস্থিত হৈ বিজেপি প্ৰাৰ্থী ভুৱন গামৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

cm-himanta-biswa-sarma-arrives-in-majuli-to-campaign-for-bjp-candidate-bhuvan-gam-in-majuli-bypoll
মাজুলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ
author img

By

Published : Mar 3, 2022, 9:35 PM IST

বিহপুৰীয়া, 3 মাৰ্চ : যিমানেই উপ-নিবাচনৰ দিন চমু চাপিছে সিমানেই মাজুলীত বিভিন্ন ৰাজনৈতিক দলৰ খদমদম ৷ সমান্তৰালকৈ প্ৰতিটো ৰাজনৈতিক দলৰ নেতাই ভিৰ কৰিছেগৈ সত্ৰনগৰী মাজুলী (Majuli By Election 2022) । বৃহস্পতিবাৰে মাজুলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা (CM Himanta Biswa Sarma in Majuli) ৷

মাজুলীৰ উপ নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী ভুৱন গাম (Campaign for BJP candidate Bhuvan Gam) ৰ হৈ প্ৰচাৰ চলাবলৈ মাজুলীত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে এখন নিৰ্বাচনী সভাত দিয়া ভাষণত ৰাইজক প্ৰশ্ন কৰে, দিল্লীত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ আৰু মাজুলীত যদি অন্য দলক ভোট প্ৰদান কৰে তেতিয়া কেনেদৰে উন্নয়ন হ'ব ৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ভুবন গামক গাখীৰ দিয়া গৰু বুলি উল্লেখ কৰি বাকীবোৰ প্ৰাৰ্থীক গাখীৰ নিদিয়া গৰু বুলি কৰিলে মন্তব্য (CM Himanta Biswa Sarma boosts BJPs campaigning) ৷

মাজুলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

এই নিৰ্বাচনী সভাতেই দিবানা চাপৰি দলং, গোপালচুক দলং আৰু গাহৰি ঘাটৰ দলং কেইখনো শীঘ্ৰে নিমাণ কৰা হ’ব বুলি উল্লেখ কৰে । পোন প্ৰথমবাৰৰ বাবে অঞ্চলটোত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাইজক মাটিৰ পট্টা, খিলঞ্জীয়া লোকসকলৰ প্ৰতিঘৰ লোকৰ মাটিৰ সমস্যা সমাধান কৰা ইত্যাদি বিষয়সমূহ উল্লেখ কৰি মূখ্যমন্ত্ৰী গৰাকীয়ে মাইক্ৰফাইনেঞ্চ আৰু অৰুণোদয় আচঁনিৰ ধনৰ পৰিমান পূৰ্বলৈ অধিক বঢ়াই দিয়াৰ কথা উল্লেখ কৰে ।

ইয়াৰোপৰি, ভুবন গামৰ গাড়ীত দুটা ইঞ্জিন আছে বুলি মন্তব্য কৰি মাজুলীৰ উন্নয়নৰ স্বাৰ্থত ভুবন গামক ভোট প্ৰদান কৰিবলৈ উপস্থিত জনতাক আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : নামপঙৰ গভীৰ অৰণ্যত সেনা-আৰক্ষীৰ ব্যাপক উগ্ৰপন্থী বিৰোধী অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.