ETV Bharat / city

পুনৰ বানৰ কবলত উত্তৰ-পশ্চিম যোৰহাট

author img

By

Published : Jul 29, 2019, 5:06 PM IST

বিগত আঢ়ৈ মাহে বহুতো লোক আছে বান শিবিৰত । বঞ্চিত চৰকাৰী সাহায্যৰ পৰাও । কাণ-সাৰ নাই চৰকাৰৰ ।

বানৰ কবলত উত্তৰ-পশ্চিম যোৰহাট

যোৰহাট, ২৯ জুলাই : আকৌ বানৰ কবলত পৰিছে বৃহত্তৰ উত্তৰ-পশ্চিম যোৰহাট। ৰাজ্যত অব্যাহত থকা নেৰা-নেপেৰা বৰষুণৰ ফলত আজিৰ পৰা আকৌ ভোগদৈ নদীৰ জলপৃষ্ঠ আকৌ বৃদ্ধি পাইছে যাৰ ফলস্বৰূপে প্লাৱিত হৈছে উত্তৰ পশ্চিম যোৰহাট। ২২ মেৰ পৰা আজিও উদ্ধাৰ হোৱা নাই বৃহত্তৰ অঞ্চলটোৰ বানাক্ৰান্তৰ। চৰকাৰী সাহায্যৰ পৰাও বঞ্চিত হৈ আছে একাংশ ৰাইজ। ইফালে ৰাইজৰ অভিযোগ চৰকাৰী সাহায্য প্ৰদানৰ নামত চৰকাৰী গাঁওবুঢ়াই কৰিছে লেতেৰা ৰাজনীতি। নিজৰ পচন্দৰ মতেহে প্ৰদান কৰি আহিছে সাহায্য। এইদৰে এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিছে উত্তৰ পশ্চিম যোৰহাটৰ ৰাইজৰ। কেৱল এবাৰ বান পৰিস্থিতিৰ বুজ লবলৈ আহা স্থানীয় বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীৰ ওপৰত এতিয়া তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে। আনহাতে ভোগদৈৰ ছিগা অংশটো পুনৰ মেৰামতি লগতে বন্ধাৰ ব্যৱস্থা নকৰাৰ বাবে ভোগদৈৰ বাঢ়নী পানী বাৰে বাৰে সোমাই বৃহত্তৰ কৃষিপ্ৰধান অঞ্চলত এতিয়া বিভীষিকাৰ সৃষ্টি কৰিছে। যদি সোমবাৰে আবেলিলৈকে ভোগদৈৰ বাঢ়নী পানীৰ পৰিমাণ হ্ৰাস নহয় তেনেহলে নিশাৰ ভাগত বাঢ়নী পানীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে ।

পুনৰ বানৰ কবলত উত্তৰ-পশ্চিম যোৰহাট।।বিগত আঢ়ৈ মাহে বান শিৱিৰত।।চৰকাৰী সাহাৰ্য পৰাও বঞ্চিত একাংশ।।

জলসম্পদ বিভাগৰ গাফিলতিৰ ফল ভুগিছে যোৰহাটৰ একাংশ ৰাইজে।কানসাৰ নাই স্থানীয় বিধায়কৰ।সোনৰ কণী পৰা হাহত পৰিণত উত্তৰ পশ্চিম যোৰহাট।
পুনৰ ভৌগদৈৰ বানৰ কবলত উত্তৰ পশ্চিম যোৰহাট।বৃহত্তৰ অঞ্চলৰ বহু লোক বিগত আঢ়ৈ মাহ ধৰি বান শিৱিৰত উত্তৰ পশ্চিম যোৰহাটৰ একাংশ বানাক্ৰান্ত।আজি পূৱাৰ পৰা ভৌগদৈৰ পানী বৃদ্ধি হোৱা ফলত উত্তৰ পশ্চিম যোৰহাট এতিয়া বান-বিধস্ত অঞ্চল ৰূপে পৰিগণিত হৈছে।যোৱা ২২ মেৰ পৰা আজিও উদ্ধাৰ হোৱা নাই এইসকল লোক।আনহাতে চৰকাৰী সাহাৰ্য প্ৰদানৰ নামত চৰকাৰী গাওবুঢ়াই কৰিছে লেতেৰা ৰাজনীতি।নিজৰ প্ৰচন্দৰ মতে প্ৰদান কৰি আহিছে সাহাৰ্য।পানীত হাহ নচৰা দৰে অৱস্থা হৈ পৰিছে উত্তৰ পশ্চিম যোৰহাটৰ ৰাইজৰ।আঢ়ৈ মাহত মাত্ৰ এবাৰ নে দুবাৰ হে বান পৰিস্থিতিৰ পয্যবেশন কৰিছিল স্থানীয় বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীয়ে।বিপদৰ সময়ত এষাৰ মাত নিদিয়াত ক্ষুভিত হৈ পৰিছে মালৌখাত, মালৌপামৰ ৰাইজ।আনহাতে ভৌগদৈৰ ছিগা অংশটো পুনৰ মেৰামতি লগতে বন্ধাৰ ব্যৱস্থা নকৰাৰ বাবে ভৌগদৈৰ বাঢ়নী পানী বাৰে বাৰে সোমাই বৃহত্তৰ কৃষিপ্ৰধান অঞ্চলত এতিয়া বিভীষিকাৰ সৃষ্টি হৈছে।যদিও আজি আবেলিৰ ভাগত ভৌগদৈৰ বাঢ়নী পানীৰ পৰিমাণ হ্ৰাস নহয় তেনেহলে নিশাৰ ভাগত বাঢ়নী পানীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিব।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.