ETV Bharat / city

কান্দোনত ভাগি পৰিল অখিলৰ ৰোগীয়া মাতৃ

author img

By

Published : Jan 7, 2021, 7:02 PM IST

অখিল গগৈৰ জামিন আবেদন নাকচ হোৱাৰ পাচতে কান্দোনত ভাগি পৰিল মাতৃ প্ৰিয়দা গগৈ ৷

Akhil Gogoi's mother
অখিলৰ মাতৃ প্ৰিয়দা গগৈ

যোৰহাট, 7 জানুৱাৰী : গুৱাহাটী উচ্চ ন্যায়ালয়ে বাতিল কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ জামিন আবেদন ৷ ইয়াৰ পাচতে শোকত ম্ৰিয়মান হৈ পৰিল পুত্ৰৰ মুক্তিৰ আশাৰে অধীৰ আগ্ৰহেৰে বাট চোৱা বৃদ্ধা মাতৃ প্ৰিয়দা গগৈৰ লগতে সমগ্ৰ পৰিয়াল ৷

কান্দোনত ভাগি পৰিল অখিলৰ ৰোগীয়া মাতৃ

এবছৰ কাৰাগাৰত বন্দী হৈ থকা পুত্ৰই আজি মুকলি আকাশৰ তললৈ ওলাই আহিব বুলি আশাৰে বাট চাইছিল মাতৃ প্ৰিয়দা গগৈয়ে ৷ কিন্তু আবেদন নাকচ হোৱা বুলি জানিব পাৰি কান্দোনত ভাগি পৰাৰ লগতে অসুস্থ হৈ পৰে কৃষক নেতাগৰাকীৰ মাতৃ ।

Akhil Gogoi's mother
অখিলৰ মাতৃ প্ৰিয়দা গগৈ

দুদিন পূৰ্বে পুত্ৰৰ কাৰামুক্তিৰ আশাৰে চেলেংহাট লুসুৰাখন গাঁও নামঘৰত বন্তি প্ৰজ্বলন কৰা মাতৃগৰাকীয়ে আজি কান্দি কান্দি সাংবাদিকক কৈ যায় মনৰ কথা ৷ তেওঁৰ পুত্ৰ কেতিয়াও মাওবাদী হ'ব নোৱাৰে বুলিও মন্তব্য কৰে মাতৃ প্ৰিয়দা গগৈয়ে ৷

Akhil Gogoi's mother
অখিলৰ মাতৃ প্ৰিয়দা গগৈ

লগতে পঢ়ক : গুৰুজনাৰ আশীষ বিচাৰি বটদ্ৰৱা থানত লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.