ETV Bharat / city

JIST ৰ বিৰুদ্ধে যোৰহাট জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

author img

By

Published : Aug 18, 2021, 9:19 PM IST

যোৰহাট জিলা ছাত্র সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৷ যোৰহাট আগশাৰীৰ শৈক্ষিক শিক্ষা প্ৰতিষ্ঠান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান চমুকৈ JIST ৰ বিৰুদ্ধে এই প্ৰতিবাদ ৷ কিন্তু কিয় ! পঢ়ক এই খবৰ...

JIST ৰ বিৰুদ্ধে যোৰহাট জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ
JIST ৰ বিৰুদ্ধে যোৰহাট জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

যোৰহাট,18 আগষ্ট: নিযুক্তি প্ৰক্ৰিয়াত বিসংগতিৰ অভিযোগ তুলি যোৰহাটত ছাত্ৰ সন্থাৰ প্ৰতিবাদত ৷ এইবাৰ যোৰহাট আগশাৰীৰ শৈক্ষিক শিক্ষা প্ৰতিষ্ঠান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান চমুকৈ JIST ৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে যোৰহাট জিলা ছাত্ৰ সন্থা ৷ উল্লেখযোগ্য যে, দীৰ্ঘ দিনৰ পৰাই এই শিক্ষানুষ্ঠানৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে ছাত্ৰ সন্থাই ৷ কিয়নো শিক্ষা প্ৰতিষ্ঠানখনত অনিয়ম সংঘটিত হৈ অহাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপন হৈছে ৷

যোৰহাট জিলাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ বিৰুদ্ধে গভীৰ ষড়ষন্ত্ৰৰ অভিযোগ উত্থাপন কৰিছে যোৰহাট জিলা ছাত্ৰ সন্থাই ৷ স্বজন-তোষণৰ মাজেৰে ঠিকাদাৰ নিযুক্তি কৰা, জালিয়াতিৰে চাকৰিত নতুন শিক্ষক নিযুক্তি দিয়া, 9 গৰাকী শিক্ষকক চাকৰিৰ পৰা বহিস্কাৰ কৰা ইত্যাদি অনিয়মৰ বিৰুদ্ধে সুচ্ছাৰ হৈ পৰিছে ছাত্ৰ সংগঠনটো ৷

লগতে পঢ়কঃ কৃষকৰ সমস্যা সামাধানৰ দাবীত বৃহস্পতিবাৰে ৰাজ্যজুৰি AJP ৰ গণ সত্যাগ্ৰহ

বুধবাৰে যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ছাত্ৰ সন্থাৰ অৰ্ধশতাধিক কৰ্মীয়ে শিক্ষানুষ্ঠানখনৰ এনে ধৰণৰ অনিয়মৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ লগতে জিলা উপায়ুক্তৰ জিৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক প্ৰত্ৰ পেৰণ কৰে ৷ আনহাতে অতি শীঘ্ৰে শিক্ষানুষ্ঠানখনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে পুনৰ জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে যোৰহাট জিলা ছাত্ৰ সন্থাই ৷

লগতে পঢ়কঃ পুনৰ কাৰ্য‍ক্ষম হৈ উঠিছে শিলঘাটস্থিত অসম সমবায় মৰাপাট কল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.